এটোপ দুটোপ কৰি ডাৱৰৰ
পানী পৰি
ভৰি গ’ল বহল সাগৰ,
কণ কণ বালিচাহী ইটে সিটে লগ লাগি
সাজি দিলে ধৰণী
ডাঙৰ।
পল অনুপল কৰি ডাঁৰ
দিন মাহ চাৰি
যুগ যুগ পাৰ হৈ
যায়,
এটি দুটি কৰি গঁথা মৰমৰ
মাত কথা
জগতক সৰগ কৰায়।
অকল সুখেৰে ভৰা নহয়
জানিবা ধৰা
দুখো আছে সুখৰ
লগত,
এটি মাথো হাঁহি সাৰি জগত
পোহৰ কৰি
সুখে ভৰা কৰিছে
মৰত।
==================
কবিতাটোৰ কবিজনাৰ নাম কি আছিল বাৰু
ReplyDelete