Sunday 24 June 2012

দিলদাৰ সিঙৰ গাড়ী

 






 







     অচিন মোমাইদেউ


দিলদাৰ সিঙৰ গাড়ী
এবাৰ উঠি চাবা – দহো বন কাতি কৰি।

গাড়ীখন অতীজত ‘মেড ইন ইটালি’
চাৰ্কাচত আছিল বোলে কৰি ৰং-ধেমালি।

চৰ্দাৰজীৰ হাতত পৰি
নাজানো কি হ’ল
মতিগতি বিলকুল সলনি হৈ গ’ল।

নচলে নামাৰিলে সঘনাই হেন্দেল
ৰৈ যায় দেখিলেই মিটিঙৰ পেন্দেল।

জহকালি পেট্ৰ’ল পাৰেমানে খায়
জাৰকালি সেইবোৰ নহ’লেও নাই।

নাই ব্ৰেক, নাই হৰ্ণ, নাই গাত ৰং
দিনত জ্বলিব লাইট ৰাতিহে উদং।


যদিও গিয়েৰ আছে কাম হলে নাই
খুচিমতে গাড়ীখন যেনি-তেনি যায় । 
গতিবেগ ঘণ্টাত পাচ কিল'মিটাৰ
তাতে উঠি ঘূৰি ফুৰে দিলখোলা দিলদাৰ ।

এদিন কি হ’ল জানা?
আচৰিত ঘটনা...
তাকে কওঁ মই শুনা
চিৰিয়াখানাত তেওঁ ৰখাব খুজিলে
কিয় জানো গাড়ীখনে ওলোটা বুজিলে !
দিছপুৰ উলুবাৰী ভৰলু পাৰ হৈ
চিধাই শৰাইঘাট দলং পালেগৈ।
দলঙৰ ওপৰতহে চেতন আহিল
বেক কৰি নিজে নিজেই চলিল ।

হাহাকাৰ হুলস্থুল ভাগিল বজাৰ, 
পলাল মানু্হ মুঠ চল্লিচ হাজাৰ ।

গৈ আছে  গাড়ীখন কৰি টেৰা বেকা
ট্ৰেফিক পুলিচে দিলে ফৰিং চিটিকা।

চৰ্দাৰজীৰ হ’লে কাণষাৰ নাই
আৰামত কাতি হৈ বাগৰ সলায়।

সাৰ পাই দিলদাৰে চকু মেলি চায়,
শ্বিলঙত বেলি উঠা দেখিবলৈ পায়।

ঠাণ্ডাত কঁপি জপি তেওঁ হতবাক,
বহুত ভাবিলে পিছে নিমিলে জবাব।

আৰে, গুৱাহাটীত চলিছিল মোৰ এই গাড়ী
কেইচে পহুচ গেয়া শ্বিলং নগৰী?

এনেতে ক্লিক ক্লিক কেমেৰাৰ শব্দ,
এমখা ৰিপ’ৰ্টাৰে কৰি ল’লে জব্দ।

ৱেল ডান চৰ্দাৰজী, কংগ্ৰেচ্যুলেচন
থ্ৰী চিয়েৰ্‌চ ফৰ ৱৰ্ল্ড চেম্পিয়ন।

কোনেও কাহানিও ওভোতাই চলাই
শ্বিলং চহৰলৈ গাড়ী তোলা নাই।

শুনি দিল্‌দাৰ দিলখুচে পিন্ধিলে চেণ্ডেল
নামি গৈ পুনৰায় মাৰিলে হেণ্ডেল।।

==============



(বি. দ্ৰ: ভাইটি নীলিমৰ সহায়ৰ বাবে ধন্যবাদ)


No comments:

Post a Comment