Sunday 24 June 2012

কাৰ সুখ নাই

                                                

সুখ নাই সুখ নাই কত ধৰুৱাৰ,
অনুমাত্র সুখ নাই চিৰ ৰুগীয়াৰ ।

সুখ নাই যিটো সদা গোচৰত ফুৰে,
মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে ।

অহর্নিশে যাৰ ঘৰে নুগুচে কন্দল,
তাৰ ঘৰে সুখৰূপ নুফুলে কমল ।

ধনী বা নির্ধনী যদি হয় অপুত্রক,
সিবিলাকে দেখে দুখময় সংসাৰক ।

সাধুৰ সন্তান যদি দুষ্টমতি হয়,
পিতৃ-মাতৃৰ মনে একো সুখ নাথাকয় ।

সুখ নাই যিটো হয় পৰৰ অধীন,
অসুখতে দিন যায় হ'লে বিদ্যাহীন ।


===================

No comments:

Post a Comment