গুণী পুত্ৰ
-বলদেৱ মহন্ত
মূৰ্খপুত্ৰ হয় যদি এশ বা হাজাৰ,
সিহঁতৰপৰা নাই একো উপকাৰ।
যেনে শস্যক্ষেত্ৰে জন্মি বনৰীয়া বন,
কৃষকৰ অপকাৰ কৰে অগণন।
যি বংশত শঠ মূৰ্খ বহু পুত্ৰ হয়,
সি বংশৰ নাম হয় অৱশ্যে বিলয়৷
যথা সৰোবৰে শোভে প্ৰফুল্ল কমল,
গুণী পুত্ৰগণে কৰে বংশক উজ্জ্বল৷
গুণী শিষ্ট পুত্ৰ যদি এটিয়েই হয়,
অনেক মূৰ্খত কৰি সেয়ে শ্ৰেষ্ঠ হয়৷
এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে,
অসংখ্য তৰাই তেনে কদাচ নোৱাৰে ।।
==================
No comments:
Post a Comment