Monday 25 June 2012

ওলট-পালট

ওলট-পালট




এক আছিল বুঢ়া বুঢ়ী
নাছিল সিহঁতৰ লুৰা-লুৰী
কথাই কথাই এদিন দুয়োৰে
লাগি গ’ল বৰ হুৰাহুৰি।


বুঢ়াই ক’লে ফিতাহি মাৰি
শুনিছনে হঞে ঘূগুলী বুঢ়ী
সাদিনত তই যিমান কৰ
এদিনত মোৰ কাম
মিছা কৈছো যদি অমুকা বুঢ়াৰ
সলাই থ'বি নাম।


বুঢ়ীও উঠিল দাং খাই
উত্তৰ দিলে বুঢ়ালৈ চাই
বুঢ়ীৰ যহতে দুবেলা দুমুঠি
খাই আছ তই ভাত
এদিন মাথোন নহ'লে মই
চেলাই পেলাবি দাঁত।


কাইলৈ বাৰু পৰমাণ চাম
হালখন লৈ ময়ে যাম
তই হবি ঘৰৰ ঘৈনী
হাঁহ-পাৰবোৰ চাবি
আছে মানে ঘৰৰ কাম
মনযোগ দিবি।


পিছদিনাখন হ'ল পুৱা
মুখত এখন সোমাই গুৱা
বুঢ়ী ওলাল পোন্ধ মাৰি
কান্ধত নাঙল লৈ
বুঢ়া থাকিল সেইদিনা
ঘৰৰ ঘৈনী হৈ।


বুঢ়ী আহিল হালৰপৰা
দুখে ভাগৰে আধামৰা
তায়ো পালে সেকাপালি
মুখেৰে নোলায় মাত
ঘটিয়ে ঘটিয়ে পানী খাইহে
তত আহিল গাত।



বুঢ়াই কলে হাত যুৰি
মোৰ বুঢ়াৰ লগৰী
সচাকৈয়ে তই ঘৰৰ ঘৈণী
ঘৰৰ লখিমী মোৰ,
মুৰৰ চুলিৰ সমান হৈ
আয়ুস বাঢ়ক তোৰ।

 
শপত খাই কলো এ‍ই
তোৰ ভাগ আৰু নধৰো মই
তোৰ কামো নহয় ঢিলা,
প্ৰমাণ মাথো চালো,
নলগা জেঙত লগাৰ ফল
হাতে হাতে পালো

 
বুঢ়ীয়ে কলে লাপুং বুঢ়া
মিছা নকও এক কড়া
হাল বোৱা নহয় তিৰীৰ কাম
মতাৰ ৰন্ধা বঢ়া
বুজিলো দুয়ো দুয়োৰে দুখ
ভালদৰে আজিৰ পৰা

===================== 

1 comment:

  1. কবিতাটোৰ মাজৰ দুশাৰী মান থাকি গ'ল নেকি? সেই বুঢ়াৰ ভাত ৰান্ধোতে হোৱা লটিঘটি খিনি

    ReplyDelete