Monday 25 June 2012

কাৰ কি মাত

 

                                                                             - নবকান্ত বৰুৱা

বাঘ সিংহই গোজৰ মাৰে
পাৰই দিয়ে ৰুণ,
ভোমোৰা আৰু মৌ মাখিয়ে
কৰে গুণ গুণ।

শিয়ালে কৰে হোৱা হোৱা
কুকুৰবোৰে ভুকে,
মেকুৰীয়ে মিউ মিউকৈ
ফুৰে চুকে চুকে।

ছাগলীবোৰে বেবাই ফুৰে
গৰুৱে হেম্বেলিয়ায়,
কাউৰীবোৰে গছৰ আগত
থাকে ৰমলিয়াই।

চিৰিক চিৰিক কৰি মাতে
ঘৰ চিৰিকা জাকে,
সোণ মইনাই কি কৰেনো
কলকলাই থাকে।

===================

No comments:

Post a Comment