মাহবোৰৰ গীত
-নবকান্ত বৰুৱা
বহাগ মাহত গছৰ ডালত ফুলে কপৌ ফুল,
জেঠমহীয়া ৰ’দৰ তাপত শৰীৰ বিয়াকুল।
আহাৰ মাহত বাৰীত পকে আম, কঁঠাল, জাম,
শাওনমহীয়া বৰষুণত সাধু শুনাই কাম।
ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি,
আহিন মাহত দুবৰি বন হিমত থাকে তিতি।
কাতি মাহত আকাশবন্তি লগায় শাৰী শাৰী,
আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি।
পুহমহীয়া জাৰত কঁপি নিহালিখন লওঁ,
মাঘ যে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ।
ফাগুন আহে পলাশ ফুলে পছোৱা বতাহ বয়,
চ’তৰ শেষত নতুন বছৰ আদৰি ল’বৰ হয়।
====================
মাহবোৰৰ গীত কবি নৱকান্ত বৰুৱা?
ReplyDelete