Monday 25 June 2012

চকুযুৰি

                চকুযুৰি

(ৰাস্কিন বণ্ডৰ The eyes have it গল্পৰ ভাবানুবাদ)




ৰোহানা ষ্টেচন পোৱালৈকে ৰেলৰ ডবাটোত কেৱল ময়েই আছিলোঁ। ৰোহানা ষ্টেচনত ছোৱালী এজনী উঠিলহিতাইক থ’বলৈ অহাসকল চাগে তাইৰ মাক-দেউতাকেই আছিল। তেওঁলোকক তাইৰ সুবিধা-পাতি বা আন কিছুমান কথা লৈ বৰ চিন্তিত যেন দেখা গৈছিলমহিলাগৰাকীয়ে তাইক বস্তুবোৰ ক’ত থ'ব লাগিব, ইটো নকৰিবি-সিটো নকৰিবি, খিৰিকিত আউজিব মানা কৰাকে আদি কৰি নানা উপদেশ দি আছিল
       মই সম্পূর্ণ অন্ধ হেতুকে তাই দেখিবলৈ নো কেনেকুৱা আছিল ক’বলৈ অপাৰগ, কিন্তু এইটো নিশ্চিত যে তাই শ্লিপাৰ পিন্ধি আছিলশ্লিপাৰযোৰে তাইৰ গেৰোহাত চেটেপ চেটেপকৈ কৰা শব্দৰ পৰাই মই এই বিষয়ে নিশ্চিত হৈছিলোঁ মই তেতিয়া কেৱল আন্ধাৰ আৰু পোহৰৰ পার্থক্যহে ধৰিব পাৰিছিলোঁ। পিছে তাইৰ মাতটো বৰ ধুনীয়া আছিল; আনকি তাই পিন্ধি থকা শ্লিপাৰযোৰৰ শব্দটোও মোৰ ভাল লাগিছিল।

“আপুনি দেহ্‌ৰালৈ যাব নেকি বাৰু?” মই সুধিলোঁ।
 
মই বোধহয় ডবাটোৰ আন্ধাৰ চুক এটাত আছিলোঁ, কাৰণ মোৰ মাত শুনিয়েই তাই উচপ খাই উঠিল।
“অ’হ, ডবাটোত কেৱল ময়েই আছো বুলি ভাবিছিলোঁ।” সামান্য আচৰিত হোৱাৰদৰে হৈ তাই ক’লে।
“আচলতে মইও প্রথমতে আপোনাক দেখা নাছিলো, কিন্তু আপুনি উঠি অহা শব্দটো শুনিছিলোঁ।” কথাখিনি কৈ উঠিয়েই মোৰ ভাব হ’ল – তাই বাৰু মই অন্ধ বুলি ধৰিব পাৰিলে নেকি?
“মই শ্বাহাৰনপুৰত নামিম। মোৰ খুড়ী তাত মোৰ বাবে ৰৈ থাকিব।” তাই ক’লে।
“তেনেহ’লে আপোনাৰ লগত বেছি চা-চিনাকি নোহোৱাই ভাল হ’ব নেকি! এই খুড়ী-মামীবোৰক মোৰ এনেয়ো অলপ ভয় লাগে।” মই কলোঁ।
: ক’লৈ যাব আপুনি?
: ডেহ্‌ৰালৈ, আৰু তাৰপৰা মুচৌৰী যাম।
: বৰ লাকী দেই আপুনি! মোৰ মুচৌৰীলৈ যাবৰ বৰ মন আছিল। পাহাৰ মোৰ খুব ভাল লাগে, বিশেষকৈ অক্টোবৰ মাহমানত।
“হয় হয়, সেইখিনি তালৈ যোৱাৰ বাবে বৰ ভাল সময়” মনত পেলাবলৈ চেষ্টা কৰি কলোঁ “সেই সময়ত পাহাৰবোৰ বনৰীয়া ডালিয়া ফুলেৰে ভৰি থাকে। দিনৰ ভাগত ৰ’দ পুওৱাৰ আমেজেই বেলেগ। আৰু ৰাতি জুই একুৰাৰ কাষত বহি হাতত এগিলাচ ব্রেণ্ডি লৈ আড্ডা দিয়া ! হয়, সঁচাকৈয়ে ভাল সময় সেইখিনি
তাই একো নক’লেমনতে ভাবিলোঁ কথাখিনি শুনি তাইৰ সঁচাকৈয়ে যাবৰ মন গ’ল নেকি! নে মোক এটা “ৰোমান্টিক ফুল” বুলিহে ভাবিলে বা!
“দূৰত সৌটো কি বাৰু?” বাহিৰলৈ দেখুৱাই মই সুধিলোঁ। সোধাৰ পিছতহে ভাব হ’ল – কিজানিবা সুধিব নালাগিছিলেই; জানোচা মই অন্ধ বুলি তাই গম পাই যায় এতিয়া!
“আপুনি এবাৰ ভালকৈ চালেই দেখিবচোন!” তাইৰ উত্তৰত মোৰ সন্দেহ নাইকিয়া হ’ল – নাই, তাই গম পোৱা নাই।
খোল খাই থকা খিৰিকিখনেৰে মই বাহিৰৰপিনে চাই পঠিয়ালোঁ – এনেহে দেখুৱালোঁ যেন মই বাহিৰলৈ চাই চাইহে গৈ আছোঁ। ইঞ্জিনৰ শব্দ আৰু ৰেলখনৰ চকাবোৰ চিৰিৰ ওপৰেৰে বাগৰি যোৱা শব্দ স্পষ্টকৈ শুনিবলৈ পালোঁ। লগতে টেলিগ্রাফৰ খুটাবোৰ পাৰ হৈ যোৱাটোও অনুভব কৰিলোঁ।
“দেখিছেনে, গছবোৰ পিছলৈ দৌৰি থকা যেন লাগিছে।” মই কলোঁ। 
“সেইটোনো কি ডাঙৰ কথা, তেনেকুৱাতো দেখা যায়েই। কিবা জীৱ-জন্তু চকুত পৰিছে নেকি বাৰু আপোনাৰ?”
“নাই নাই” যথেষ্ট দৃঢ়ভাবে কলো মই। আচলতে মই ভালদৰেই জানিছিলোঁ যে দেহ্‌ৰাৰ পিনৰ জংগলবোৰত জীৱ-জন্তু প্রায় নায়েই।
খিৰিকিখনৰ মুখৰপৰা অকমান আঁতৰি ছোৱালীজনীৰ পিনে মুখ কৰি বহিলোঁ মই।
“আপোনাৰ মুখখনৰ কিবা এটা আকর্ষণ আছে দেই!” কিছু সাহস গোটাই কলোঅৱশ্যে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা নহ’ল – কাৰণ প্রায়ভাগ ছোৱালীয়েই নিজৰ প্রশংসা শুনি ভোল যায়। তাই এটা স্ফুর্তিৰ হাঁহি মাৰিলে – এটা খুব স্পষ্ট খিলখিলিয়া হাঁহি।
: হাঃ হাঃ... মোক বহুতেই এই কথাষাৰ কৈছে – মানে ধুনীয়া বুলি।
: অ’হ, মানে আপুনি সঁচাই ধুনীয়া। মই আচলতে মোৰ ভাল লগা কাৰণেহে কৈছিলোঁ।
: আপোনাৰ কিছু সাহস আছে দেখিছোঁ। পিছে মাজে মাজে চিৰিয়াছ হৈ যায় যে আপুনি!
মই ভাবিলোঁ, এটা ঈষৎ হাঁহিৰে তাইৰ উত্তৰ দিও নেকি! পিছে কথাখিনি ভবাৰ লগে লগেই কিয় জানো নিজকে অকলশৰীয়া আৰু কিবা এটা অস্বস্তিত পৰা যেন অনুভব কৰিলোঁ।
“আপোনাৰ ষ্টেচন পালোহিয়েই আৰু।” মই কলোঁ।
“ভাগ্য ভাল বেছি সময় নালাগিল। মই দুঘন্টাতকৈ বেছি সময় এনেদৰে বহি বহি যাবলৈ বৰ অশান্তি পাওঁ।” তাইৰ উত্তৰ।
পিছে মোৰ আৰু কেবাঘন্টাও যাবলৈ আছে। ট্রেইনৰ পৰা নমাৰ পিছতেই তাই নিশ্চয় আমাৰ এই কথা-বতৰাবোৰৰ বিষয়ে সমূলি পাহৰি যাব। মোৰ কিন্তু অন্ততঃ যাত্রাৰ সময়খিনিত এইখিনি কথা মনত পৰি থাকিব, হয়তোবা আৰু কিছু দেৰী পিছলৈও।
এনেতে ৰে’লখনে উকি মাৰিলে, ডবাবোৰ চিৰিৰ ওপৰেৰে বাগৰি যোৱা শব্দবোৰ সামান্য বেলেগ হ’ল – মানে আমি ষ্টেচন আহি পালোহি। ছোৱালীজনীয়ে নিজৰ বস্তুবোৰ সামৰিবলৈ আৰম্ভ কৰিলে। কেলেই জানো তাইৰ চুলিকোচাৰ বিষয়ে মোৰ জনাৰ ইচ্ছা হ’ল ! চুলিখিনি তাই মেলি থৈছে নে বেণী গুঠিছে বাৰু?
         ৰে’লখন ষ্টেচনটোত সোমাইছেহি। বাহিৰত বেপাৰী আৰু আন আন মানুহৰ চিঞৰ বাখৰ। তাৰ মাজতে মহিলা এজনীৰ টেংটেঙীয়া মাত এটা কাণত পৰিলমই নিশ্চিত হলো, সেইজনী তাইৰ খুড়ীয়েকেই হ’ব চাগে।
“আহিছোঁ দেই !” তাই মাত লগালে। 
তাই চাগে মোৰ একেবাৰে কাষতে থিয় দিছিল – কিবা এটা সুন্দৰ গোন্ধ নাকত লাগিলহি, বোধহয় তাই লগোৱা কিবা পাৰফিউমৰেই হ’ব। মই এবাৰ তাইৰ চুলিকোচা চুই চাম বুলি ভাবিছিলো যদিও তাই বোধহয় নামি গ’ল, কিন্তু সেই গোন্ধটো কিছুসময় পিছলৈকে মোৰ নাকত লাগি থাকিল। দুৱাৰমুখত অলপ হুলস্থুল শুনা গ’ল। এনেতে ধমৰকৈ দুৱাৰখন বন্ধ হোৱাৰ শব্দ শুনিবলৈ পালোঁ।
       ডবাটো আগৰদৰেই নিঃসংগ হৈ পৰিল মোৰ বাবে। গার্ডে হুইচেল বজালে আৰু ট্রেইনখন চলিবলৈ ল’লে। গাড়ীখনৰ বেগ লাহে লাহে বাঢ়ি আহিবলৈ ধৰিলে। মই খিৰিকীখনেদি এবাৰ চাই পঠিয়ালোঁ। বাহিৰত সূর্য্যৰ পোহৰ – কিন্তু মোৰ বাবে সেয়াও অন্ধকাৰেই। বাহিৰত নিশ্চয় বহুত কিবাকিবি ঘটি আছে – মই পিছে কেৱল কল্পনাহে কৰিব পাৰোঁ সেইবোৰৰ বিষয়ে।
এনেতে ডবাটোলৈ মানুহ এজন সোমাই আহিল। 
“চ’ৰি, মই কিন্তু আপুনি ইমানসময় একেলগে বহি আহি থকাজনীৰ সমান আকর্ষনীয় নহয়।” আহিয়েই তেওঁ মাত লগালে
মই কলোঁ “তাইক কিবা এটা ভাল লাগিছিল। আচ্ছা, তাইৰ চুলিখিনি দীঘল আছিল নে চুটি মন কৰিছিল নেকি বাৰু?”
“নাই” অলপ খোকোজা লগাৰদৰে তেওঁ ক’লে “মই আচলতে তাইৰ চকুৰ ফালেহে চাইছিলোঁ। খুবেই ধুনীয়া চকুযুৰি। পিছে হ’লে কি হ’ব – তাই চকুৰে একেবাৰেই নেদেখে। কথাটো আপোনাৰ চকুত পৰা নাছিলনে?”
                            

                          ===============================

No comments:

Post a Comment