Monday 25 June 2012

এখন অখ্যাত কোৰিয়ান গাঁওৰ কথাৰে...

এখন অখ্যাত কোৰিয়ান গাঁৱৰ কথাৰে...


দক্ষিণ কোৰিয়াৰ দেজ’ন (Daejeon) চহৰত থকা বাবেই এই বিশেষ গাওঁখনলৈ যোৱাৰ সৌভাগ্য হোৱা বুলি ক’ব পাৰি । আমিবোৰৰ মতে খুবেই উন্নত যেন লাগিলেও কোৰিয়ানসকলৰ মতে এইখন পিছে এখন অতিকৈ ভিতৰুৱা, দুর্গম আৰু আওহতীয়া গাওঁহে । অৱশ্যে তালৈ যাবলৈ নিয়মীয়া বাচৰ ব্যবস্থা নাই । দুই এখন বাচ গ’লেও সংখ্যাত অতিকে তাকৰ । গাওঁখনৰ নাম “য়াং চ্চোন” কোৰিয়ান ভাষাত “য়াংজি” শব্দৰ অর্থ হ’ল sunshine অর্থাৎ সূর্য্যৰ পোহৰ আৰু “চ্চোন” মানে গাওঁ ।
২০১০ চনৰ জুলাই মাহৰ এটি দুপৰীয়া । দেওবাৰ । মাজে-মাজে কিনকিনীয়া বৰষুণ । নেৰানেপেৰাকৈ বৰষুণ অহা নাছিল যদিও এৰা-ধৰাকৈ ৰাতিপুৱাৰ পৰা বৰষুণ আছিলেই । ক’তো-কেনিও ওলাই যাবলৈ মন নোযোৱা এটা বতৰ । তাতে বন্ধৰ দিন হোৱা হেতুকে স্বাভাৱিকতে দিনটো অতিকৈ আমনিদায়ক হৈ পৰিছিল । পৰিবেশটো সঠিকভাৱে বুজাবলৈ আমাৰ দিনৰ দ্বিতীয় শ্রেণীৰ কুঁহিপাঠৰ “মাহবোৰৰ গীত” কবিতাটিৰ “শাওনমহীয়া বৰষুণত সাধু শুনাই কাম” কবিতাফাঁকিয়েই বোধহয় যথোপযুক্ত হ’ব । কোঠাত বহি চিনেমা এখনকে চাই আছিলোঁ । এনেতে ফোনটো বাজিল । কোন নোচোৱাকৈয়ে ৰিচিভ কৰিলোঁ । সিমূৰত ভাঁহি আহিল এটা চিনাকি মাত Hey, where are you? I’m looking for you for quite a long time !” মাতটো শুনি বুজিবলৈ বাকী নাথাকিল – থে-গুন । সম্পূর্ণ নাম থেগুন চোং । অৱশ্যে কোৰিয়ানসকলে উপাধিটো প্রথমতে লিখা বাবে ‘চোং থেগুন’ বুলিহে লিখে । মোৰ স’তে একেই বিভাগত গৱেষণাৰত তেওঁ । বয়সত মোতকৈ কিছু ডাঙৰ আৰু গৱেষণাৰ বিষয় সম্পূর্ণ বেলেগ হোৱা স্বত্তেও বিভিন্ন কাৰণত তেওঁৰ সৈতে ঘনিষ্ঠতা গঢ়ি উঠিছিল । বিভিন্ন ক্ষেত্রত সহায়ো পাইছিলোঁ তেওঁৰ পৰা । বহুদিন আগতেই তেওঁ এবাৰ কৈছিল যে য়াং চ্চোন গাওঁত তেওঁৰ আইতাকৰ ঘৰ আৰু এদিন সুবিধা মিলাই আইতাকক মান এষাৰ লগাবলৈ যোৱাৰ কথা ভাবিছে । মই একেলগে যাব বিচাৰিলে যাব পাৰিম হেনো । সিদিনাখন মোক ফোন কৰাৰ কাৰণো এইটোৱেই । কিছুসময়ৰ পিছতে যাত্রা আৰম্ভ কৰাৰ কথা ।ইপিনে ময়ো কামৰ একঘেয়ামিৰ পৰা এখন্তেক আহৰি ল’বৰ বাবে ক’ৰবালৈ যোৱাৰ কথা মনতে পাঙি নথকা নহয় । মনটো জপিয়াই উঠিল । শাওনমহীয়া বৰষুণত আইতাকৰ সাধু এটাই শুনি অহা ভাল হ’ব বুলি তেওঁৰ কথাত লগে লগেই সন্মতি জনালোঁ ।
ততাতৈয়াকৈ নাকে কানে ভাত কেইটামান গুজি থেগুণে কৈ থোৱা ঠাইটুকুৰাত গৈ ওলালোগৈ । তাৰপৰা বিয়লি প্রায় দুইমান বজাত থেগুণৰ গাড়ীৰে গাওঁখনলৈ বুলি ওলালোঁ । দেজ’ন চহৰৰ পৰা প্রায় দুঘন্টাৰ বাট । অৱশ্যে গাড়ীৰ গতিবেগ ঘন্টাত গড়ে ৭০-৮০ কি.মি. হোৱা বাবে দূৰত্ব প্রায় ১৪০-১৫০ কি.মি. হ’বগৈ । আধাঘন্টামান যোৱাৰ পিছতেই পাহাৰ কাটি উলিওৱা এটা প্রকান্ড সুৰংগ । প্রায় ডেৰ-দুই কি.মি দীঘল তাৰ পিছতেই আৰম্ভ হ’ল শাৰী-শাৰী নীল-সেউজ পাহাৰ আৰু নামনিত সেউজ বননি । মাজে-মাজে দুই এঠাইত ধান খেতি । ধানৰ লগতে ষ্ট্রবেৰীৰ খেতিও ব্যাপকভাৱে কৰা পৰিলক্ষিত হ’ল । লগতে পাহাৰত খাজ কাটি কৰা বিভিন্ন পাচলিৰ খেতি (ঝুম খেতি) পাহাৰৰ মাজৰ এঁকা-বেঁকা বাট । বাট-পথ অৱশ্যে তেনেই সুচল । ডেৰ ঘন্টামানৰ পিছত গাওঁখনৰ সীমাত প্রৱেশ কৰা বুলি জানিবলৈ দিলে থেগুনে । ইমান আওহতীয়া গাওঁখনতো ট্রেফিক লাইট দেখি তভক মানিছিলোঁ । অৱশ্যে বৰষুণ দি থকাত ফটো ল’বলৈ বৰ অসুবিধা হৈছিল । প্রায় দুঘন্টাৰ মূৰত আইতাকৰ ঘৰ পালোগৈ । ইতিমধ্যে বতৰটোও কিছু ফৰকাল হৈছিল ।
গাঁৱখনৰ এটি দৃশ্য
আইতাক ঘৰত অকলে থাকে । থেগুণৰ পিছে পিছে গৈ ঘৰটোত সোমালোগৈ । “আন্যং সাচেয়” বুলি আগলৈ সামান্য হাওলি আইতাকক মাত লগালোঁ । “আন্যং সাচেয়”ৰ অর্থ “নমষ্কাৰ” বা হেল্ল’ৰ সমপর্য্যায়ৰ । অৱশ্যে নিজতকৈ কমবয়সীয়া বা সমবয়সীয়াৰ ক্ষেত্রত কেৱল আন্যং বুলি ক’লেই হয় থেগুণে চিনাকি কৰাই দিলে আইতাকৰ লগত । আইতাকেও দুই-এষাৰ কোৰিয়ানতে প্রশ্ন কৰিলে – “ইলম ই মোয়েও ?” অর্থাৎ “নাম কি ?”, “ঝিভ্ ই অধিয়েয় ?” অর্থাৎ “ঘৰ ক’ত?”, “সানগুগমাল আৰায় ?” অর্থাৎ “কোৰিয়ান ভাষা জানানে ?” ইত্যাদি । ময়ো চমু উত্তৰ দিলোঁ । কোৰিয়ান ভাষা দুই এটা বুজি পালেও ভালকৈ ক’ব নোৱাৰা বাবে তেখেতৰ লগত খুব বেছি কথা পাতিব পৰা নাছিলোঁ । অতি মনযোগেৰে শুনাত আইতাক আৰু থেগুণৰ কথোপকথনৰ সামান্য অংশহে বোধগম্য হৈছিল । অৱশ্যে মাজে মাজে থেগুণে দুই-এষাৰ কথা ইংৰাজীলৈ অনুবাদ কৰি দি আছিল ।
আইতাকৰ বয়স প্রায় ৯২ বছৰ । স্বাস্থ্য অৱশ্যে খুবেই ভাল । বার্ধক্যই কোঙা কৰিব পৰা নাই তেখেতক । চাৰিজন পুত্র সন্তানৰ মাতৃ তেখেত । থেগুন তেওঁৰ তৃতীয় পুত্রৰ ল’ৰা । অৱশ্যে কর্মসূত্রে আটাইকেইজন দূৰে দূৰে থাকিবলগা হোৱাত তেখেত তাত অকলশৰেই থাকিবলগা হৈছে । ওচৰ-চুবুৰীয়াই অৱশ্যে মাজে-সময়ে অত্যাৱশ্যকীয় সা-সামগ্রী ক্রয় কৰা বা তেনে ধৰণৰ কামত সহায় কৰি দিয়ে । ককাদেউতাক আছিল এজন মুক্তিযোদ্ধাজাপানী শাসকৰ কবলৰ পৰা কোৰিয়াক মুক্ত কৰাৰ ক্ষেত্রত তেখেতৰ যথেষ্ট অৰিহণা আছিল ।
কোৰিয়ান পদ্ধতিৰে দিয়া কবৰ
কিছুপৰ ৰৈ গাওঁখনৰ কিছু অংশ চাওঁ বুলি ওলাই আহিলোঁ থেগুণৰ লগত । ওলায়েই চকুত পৰিল পাহাৰলৈ উঠি যোৱা অকমানি বাট এটা । তাৰ কাষতে তিনিটা মাটিৰ ঢাপ । থেগুণক সুধি গম পালোঁ যে মূর্তিটোৰ কাষৰ ঢাপটো ককাদেউতাকৰ কবৰ । কাষৰ গাতে লগা আনটো ঢাপ আইতাকৰ বাবে ৰখা হৈছে । কোৰিয়ান বিধিমতে পতি-পত্নীক ওচৰা-উচৰিকৈ কবৰ দিয়া হয় । পিছৰ জনু (generation)ক তেওঁলোকতকৈ তলৰ স্তৰত (level)হে কবৰ দিয়া হয় আৰু এনেদৰেই আগবাঢ়ি গৈ থাকে । কিন্তু তাৰবাবে যথেষ্ট আহল বহল ঠাইৰ প্রয়োজন হোৱা হেতুকে এই প্রথা বর্তমান প্রায় উঠি যোৱাৰ দৰেই হৈছে । কিছু দূৰৈত দেখিবলৈ পালোঁ ধানখেতি । অসমৰ গাওঁৰ সেই ধাননিডৰালৈ উৰা মাৰিলে মনটো । মাজে মাজে সেউজগৃহৰ ভিতৰত কৰা ষ্ট্রবেৰীৰ খেতি । নীল-সেউজ পাহাৰেৰে আৱৰা গাওঁখন যেনিয়ে চোৱা যায় কেৱল সেউজীয়া আৰু সেউজীয়া । থেগুণে ক’লে – শৰৎকালত বেছিভাগ গছেই (বিশেষকৈ মেপল (কোৰিয়ান নাম “ধান ফুং”)) আৰু জিংকগো (Ginkgo, কোৰিয়ান নাম “উনসেং নামু”)) পাতৰ ৰং সলাই ৰঙা আৰু হালধীয়া  ৰং লৈ গাওঁখনৰ সৌন্দর্য্য দুগুণে চৰায় । এঁকা-বেঁকা বাট । জনবসতি তেনেই সেৰেঙা । নাতিদূৰৈত এটি সৰু নিজৰা । পিছে বৰষুণৰ বাবে বাট পথ পিছল হৈ থকা বাবে নিজৰাটোলৈ যাব পৰা নগ’ল । সৰুতে হেনো সিহঁত ইয়ালৈ আহোঁতে দেউতাকে কৈছিল “যিমান দূৰলৈ দৃষ্টি যায় চাই পঠিওৱা – সৌ পাহাৰখন, সিমূৰে সৌ জুৰিটো, দূৰৈত দেখা সৌ জুপুৰিটো, গছৰ ডালত পৰি থকা চৰাইটো – সকলো তোমাৰেই ।” কথাষাৰ দেউতাকে ধেমেলীয়া বা সৰু ল’ৰা-ছোৱালীক নিচুকোৱাৰ সূৰতহে কোৱা বুলি ভাবিছিলোঁ যদিও হঠাৎ থেগুনৰ কথাত তভক মানিলোঁ – দেউতাকৰ কথাষাৰ মিছা নহয়; সেই সম্পূর্ণ গাওঁখন তেওঁলোকৰেই ! গোটেই গাওঁখনৰ বর্তমানৰ গৰাকী থেগুণৰ আইতাক । আজোককাকৰ দিনৰপৰা বংশানুক্রমিকভাৱে বাগৰি আহি ককাদেউতাক আৰু তেখেতৰ মৃত্যুৰ পিছত আইতাক হৈছে বর্তমান গাওঁখনৰ গৰাকী । তাত বসবাস কৰা আন লোকসকল তেওঁলোকৰ ভাৰাতীয়া হিচাবেহে থাকে । অৱশ্যে পিছলৈ কিছুসংখ্যক লোকক তাত ঘৰ সজাৰো অনুমতি দিছে তেওঁলোকে ।
গাঁৱখনৰ আন এটি দৃশ্য
থেগুণে কৈ গ’ল – কোৰিয়া জাপানৰ অধীনত থকা কালচোৱাত (তেতিয়া উত্তৰ আৰু দক্ষিণ কোৰিয়া পৃথক নাছিল) জাপানী শাসকসকলে খেতি-বাতি বা আন ব্যৱহাৰৰ অনুপযোগী বুলি ভবা বহু মাটি অতি কম দামতেই বিকি দিছিল । সেই সময়ত চোং উপাধিৰ (থেগুণৰ উপাধি) লোকসকল আঢ্যৱন্ত আৰু অগাধ সম্পত্তিৰ অধিকাৰী আছিল আৰু তেনে এক সময়তে হেনো আজোককাকে সেই বৃহৎ অঞ্চলটো কিনি ৰাখিছিল ।
ভাৰতৰ ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শুদ্রৰ নিচিনাকৈ পুৰণি কোৰিয়াৰ ঝোচন বংশ (dynasty)ৰ লোকসকল সামাজিক প্রথামতে পাঁচটা প্রধান ভাগত বিভক্ত আ্ছিল
১) ৰাজপৰিয়ালৰ লোকসকল
২) য়াংভান : ৰাজপৰিয়ালৰ পিছতেই শিক্ষিত-বিদ্বান আৰু অভিজাত শ্রেণীৰ লোকসকলেই য়াংভান । মুঠ জনসংখ্যাৰ পাঁচ শতাংশ লোকহে এই শ্রেণীৰ আছিল । তেওঁলোকে তলৰ শ্রেণীৰ লোকসকলৰ হতুৱাইহে কাম কৰাইছিল ।
৩) ঝুংগিন : এওঁলোকৰ বেছিভাগেই আছিল জ্যোতিষী, চিকিৎসক, দোভাষী আৰু দেশৰ সুৰক্ষাত নিয়োজিত লোক অথবা চিত্রশিল্পী ।
৪) চংমিন : মুঠ জনসংখ্যাৰ ৭৫% লোকেই আছিল এই শ্রেণীৰ । প্রধানতঃ কৃষক, কাৰিকৰ আৰু সদাগৰ শ্রেণীৰ লোকসকল এই ভাগত পৰে ।
৫) চ্চনমিন : এওঁলোকক প্রায় লগুৱা শ্রেণীৰ বুলিয়েই গণ্য কৰা হৈছিল । য়াংভানসকলে এওঁলোকক কিনা গোলাম হিচাপেও কামত খটুৱাইছিল । এওঁলোক প্রধানতঃ কচাই বা আনৰ মনোৰঞ্জনৰ বাবে নৃত্য-গীত কৰা শ্রেণীৰ লোক আছিল ।
কোৰিয়াৰ এজন প্রসিদ্ধ লিখক চি-ৱন ভাগে লিখি থৈ যোৱা Tale of an Yangban ত উল্লেখ থকা মতে য়াংভানসকলে যিকোনো পৰিস্থিতিৰেই সন্মুখীন নহওক কিয়, কিছুমান নির্দিষ্ট নিয়মৰ মাজেৰে চলাটো বাধ্যতামূলক আছিল । কোনো য়াংভান পৰিয়াল অতি দূখীয়া হ’লেও কেৱল ধন উপার্জনৰ বাবেই শাৰীৰিক পৰিশ্রম হোৱা কাম-কাজ বা ব্যৱসায়-বাণিজ্য কৰাটো এওঁলোকৰ বাবে নিষিদ্ধ আছিল । তাত উল্লেখ থকা দুষাৰীমান বাক্য এনে ধৰণৰ – A yangban couldn’t “Poke and play with chopsticks”, “Eat raw onions”, “Puff hard on his pipe, pulling in his cheeks.”
গাঁৱৰ গৰাকিনীৰ ঘৰটো
ঘিম, ভাগ্, ই (ইংৰাজীত Lee বুলি লিখে), চোং আদি উপাধিৰ লোকসকল সাধাৰণতে য়াংভান শ্ৰেণীৰ । এওঁলোকে আন শ্রেণীৰ লোকসকলৰ লগত খোৱা-লোৱা, বিয়া-বাৰু আদি নকৰিছিল । এওঁলোকে তলৰ শ্রেণীৰ লোকসকলক কামৰ আদেশহে দিছিল । থে-গুণহঁতৰ পৰিয়ালটোও য়াংভান শ্রেণীৰএকমাত্র এই শ্রেণীৰ লোকসকলৰ পৰিয়ালতহে “ঝোগভো” (পূর্বপূৰুষৰ নাম আৰু আন-আন তথ্যাদি সন্নিবিষ্ট থকা পুথি) ৰখাৰ নিয়ম আছিল । জাপানী শাসনকালত বিশেষকৈ জাপানী ৰজা টয়োটমি হিদেয়োছি (Toyotomi Hideyoshi) ৰ শাসনকালচোৱাত (১৫৯২-১৫৯৭) তেওঁৰ সৈন্যবাহিনীয়ে বহুতো পুৰণি তথ্য-পাতি, কিতাপ-পত্রাদি ধ্বংশ কৰাত পিছলৈ য়াংভানসকলক পৃথক কৰাটো কঠিন হৈ পৰিল । ঝোচন বংশৰ আদি কালচোৱাত সাধাৰণ শ্রেণীৰ লোকসকলে (চংমিন) নিজৰ নামৰ পিছত কোনো উপাধি নিলিখিছিল । নিজকে তলৰ জাতিৰ বুলি শুনাৰ অপবাদৰ পৰা হাত সাৰিবলৈ জাপানী শাসনৰ সময়তে এওঁলোকৰ কিছুমানে ঘিম্, চোং আদি উপাধি মনে মনে লিখিবলৈ ল’লে । নিজকে য়াংভান সজোৱা এইসকল লোকৰ আন এটা লাভ আছিল – সৈন্যবাহিনীৰ সেৱা কৰ (Military service tax) নিদিয়াকৈ থাকিব পৰাটো; কাৰণ য়াংভানসকলে এই কৰ দিবলগীয়া হোৱা নাছিল । এই নকল য়াংভানসকলৰ কিছুসংখ্যকে আকৌ চলে-বলে-কৌশলে ঝোগভো হস্তগত কৰাত প্রকৃত য়াংভানসকলক চিনি উলিওৱা প্রায় অসম্ভৱেই হৈ পৰিল ।

আইতাক আৰু থেগুণ চোঙৰ সৈতে
কথা পাতি থাকোতে কিমান সময় পাৰ হৈ গ’ল গমকে নাপালোঁ । ইতিমধ্যে কিনকিনকৈ বৰষুণ এজাক পুনৰ আৰম্ভ হৈছিল । আইতাকৰ ঘৰলৈ উভতি আহি দেখিলোঁ – তেখেতে এতিমধ্যে ৰাতিৰ আহাৰৰ বাবে প্রস্তুতি আৰম্ভ কৰিছেই । আমি দুয়ো মিলি কিছু সহায় কৰি দিলোঁ । বীণৰ গুটিৰ সৈতে সিজোৱা ভাত, সিজোৱা কুকুৰাৰ মঙহ আৰু স্থানীয় পাচলিৰে এখন চালাড । লগত ঘিম্ (এবিধ শুকাই ৰখা সাগৰীয় জলজ উদ্ভিদৰ পাত), এখন চুপ আৰু এবিধ শুকান ফল । অৱশ্যে খাদ্যত কোনো ধৰণৰ তেল-মচলাৰ আনকি হালধিৰো নাম গোন্ধেই নাছিল । উল্লেখ্য যে কোৰিয়ান অভিধানত হালধি অর্থাৎ turmeric শব্দৰ অর্থ বিচাৰিলে ‘ভাৰতত ব্যৱহাৰ হোৱা এবিধ মচলা’ বুলিহে পোৱা যায় ।
উভতিবৰ মন যোৱা নাছিল যদিও কিছুপৰ পিছত আইতাকক মাত লগালোঁ । বহুদিন অকলশৰে থকাৰ পিছত কাৰোবাক লগ পোৱাৰ বাবেই বোধহয়, যাওঁ বুলি কোৱামাত্রকে তেখেতৰ চকুহাল চলচলীয়া হৈ পৰিল । তথাপি “ধাচি ৱায়ো” (আকৌ আহিবা) বুলি হাত জোকাৰি বিদায় দিলে । আমাৰো তেখেতক অকলে এৰিবৰ সত যোৱা নাছিল । এনেতে এটি মেগপাই (magpie) চৰায়ে চোতালৰ এমূৰত বহি চিঁ-চিয়াবলৈ ধৰিলে যিটোক কোৰিয়ানসকলে পৰিয়ালটোৰ বাবে শুভ লক্ষণ বুলি গণ্য কৰে । চৰাইজনীৰ চিঁ-চিয়নিকেই সঁচা বুলি বিদায় ললোঁ । উভতি অহাৰ বাটত বাৰে বাৰে মনলৈ ভাহি আহিছিল আইতাকৰ মৰমসনা মুখখন ।

বি: দ্র: প্রৱন্ধটো যুগুতাই উলিওৱাৰ ক্ষেত্রত বিভিন্ন তথ্য-পাতিৰ যোগান ধৰা থে-গুণ চোং (Taegeun Song) আৰু তেওঁৰ পৰিয়ালৰ সদৌটিলৈ কৃতজ্ঞতা নজনাই নোৱাৰোঁ

                                     
প্ৰান্তিক (১ মাৰ্চ - ১৫ মাৰ্চ, ২০১২) ত প্ৰকাশিত

                                    
                                      ======================= 

                                                            প্ৰান্তিকৰ পাতৰ পৰা







2 comments: