Saturday, 15 December 2012

মোৰ লক্ষ্য


মোৰ লক্ষ্য

লক্ষ্যধৰ চৌধুৰী


মই গান্ধীজীৰ দৰে হ’ম
সদায় সত্য পথত ৰ’ম
অহিংস ব্রতেৰে জগত-জিনিম
সত্য কথাহে ক’ম
মই গান্ধীজীৰ দৰে হ’ম।

মই হ’ম জৱাহৰলাল
পৰাধীনতাৰ সাগৰ-সাঁতুৰি

তৰিম জয়ৰ পাল
মই হ’ম জৱাহৰলাল ।

মই হ’ম আজাদৰ দৰে
বচনত ধীৰ
কামত গম্ভীৰ
দেশৰ কাৰণে সকলো স্বার্থ
বলি দিম অকাতৰে ।

মই নেতাজী সুভাষ হ’ম
বিপ্লৱৰ অগনি জ্বলাই
জয় হিন্দেৰে মেদিনী কঁপাই
পর্বত লঙ্ঘি,সাগৰ নেওচি
মই নেতাজী সুভাষ হ’ম ।

মই হ’ম জয় প্রকাশ
নহঁও কাৰোৰে দাস
কৃষক বনুৱাৰ উন্নতি সাধিম
উচ্চ-নীচৰ শিপা উঘালিম
নিজৰ ভৰিত নিজে থিয় দিম
নকৰো পৰত আশ
মই হ’ম জয় প্রকাশ ।

মই হ’ম সৰোজনী
বিশ্ব বিজয়িনী
সুপ্ত ভাৰত জগাই তুলিম
ঢালি সঞ্জীৱণী
মই হ’ম সৰোজনী ।

মই হ’ম কর্মবীৰ
চিৰ উন্নত শিৰ
নামতো নবীন
কামতো নবীন
বীৰ পুত্র জননীৰ
মই হ’ম কর্মবীৰ ।

মই হ’ম দেশভক্ত তৰুণৰাম
দেশৰ কাৰণে সকলো তিয়াগি
যুঁজিম অবিৰাম
ৰাখিম দেশৰ নাম
মই হ’ম তৰুণৰাম ।

মই হ’ম কণকলতা
প্রাণ বলি দিয়ো
উদ্ধাৰি আনিম
দেশৰ স্বাধীনতা
মই হ’ম কণকলতা ।

মই কুশল কোঁৱৰ হ’ম
নির্ভীক অহিংস বীৰ
সদায় উন্নত শিৰ
দেশৰ কাৰণে দহৰ কাৰণে
হাঁহি হেলাৰঙে
ডিঙিত চিপজৰী ল’ম
মই কুশল কোঁৱৰ হ’ম ।

 

No comments:

Post a Comment