Saturday, 23 June 2012

ভালপাও

  
                                
                                     - নবকান্ত বৰুৱা

ভালপাও আকাশৰ মেঘৰ ধেমালি,
বেলিৰ লগত থাকে লুকাভাকু খেলি।

ভালপাও পথাৰৰ ৰং সেউজীয়া,
ধাননি কঁপাই বোৱা বতাহ বলিয়া।

ভালপাও মাক মোৰ অতি মৰমৰ,
মোৰ বাবে যাৰ নাই চিন ভাগৰৰ।

ভালপাও দেউতাৰ স্নেহসনা মুখ,
মোৰ বাবে তেওঁ সহে কিমান যে দুখ।

ভালপাও সমনীয়া লগৰীয়াবোৰ,
যাৰ নাই কাম আৰু ধেমালিৰ ওৰ।

=================



No comments:

Post a Comment