Saturday 9 December 2017

অসমপ্ৰেমী কোৰিয়ান মহিলাগৰাকী


অসমপ্ৰেমী কোৰিয়ান মহিলাগৰাকী


সাত সাগৰ তেৰ নদীৰ সিপাৰৰ দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলা। অসমৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই তেখেতৰ। কিন্তু কেবাবছৰ ধৰি অসমৰ সংস্কৃতি, চাহ, সত্ৰ আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা তথা অধ্যয়ন কৰি আহিছে তেখেতে। একাধিকবাৰ অসমলৈ আহি বিভিন্ন তথ্যৰ সংগ্ৰহ কৰিছে। আনহে নালাগে, এই পৰ্য্যন্ত এই বিষয়বোৰৰ ওপৰত কোৰিয়ান ভাষাত চাৰিখন কিতাপ লিখি প্ৰকাশো কৰি উলিয়াইছে তেখেতে।

       তেখেতৰ সৈতে হোৱা প্ৰথম চিনাকি পৰ্বটো প্ৰায় ছয় বছৰমান আগৰ। গুগুলত কিবা এটা বিচাৰি থাকোঁতে মাজুলীৰ লগত জড়িত লিংক এটা পালোঁ। খুলি চাই দেখিলোঁ মাজুলী তথা অসমৰ চাহ বাগিছাৰ বিভিন্ন ফটো কিন্তু বৰ্ণনাখিনি কোৰিয়ান ভাষাত তেতিয়া কোৰিয়ান ভাষা দুই এটা পঢ়িব পাৰিলেও ভালদৰে বুজি নোপোৱা বাবে বৰ্ণনাখিনি ভালদৰে বুজিব পৰা নাছিলোঁ। দেখি কিন্তু খুবেই ভাল লাগিল; আচৰিতো লাগিল। অসমৰ বিষয়ে ইমান বিতংকৈ জনা কোৰিয়ান কোন হ’ব পাৰে? বোধহয় কোনোবা সাংবাদিক। সেই ৱেবচাইটটো আচলতে আছিল য়ংজা কিম (Youngja Kim) নামৰ লেখিকা গৰাকীৰ ব্লগ। ব্লগটোতেই তেওঁৰ বিষয়ে কিছু তথ্য পাই ই-মেইল এখন কৰিলোঁ। সময়মতে উত্তৰো পালোঁ। অৱশ্যে তেখেতৰ উত্তৰৰ বেছিখিনি কোৰিয়ানত থকা বাবে ভালদৰে বুজিব পৰা নাছিলোঁ। সি যি কি নহওক, সেয়াই আছিল আৰম্ভনি। ক্ৰমাৎ তেখেতৰ সৈতে সম্পৰ্ক গাঢ় হৈ এতিয়া তেখেত হৈ পৰিলগৈ “কিম জেঠাই”। এতিয়াও তেখেতক তেনেদৰেই সম্বোধন কৰোঁ। সময়ে সময়ে বিভিন্ন তথ্যৰ বাবেও হওক বা বন্ধুত্বসুলভ স্বভাৱৰ বাবেই হওক, মাজে মাজে লগ ধৰা হয় তেখেতক।  তেখেতৰ ঘৰ চিউল (Seoul) তে হোৱা বাবে লগ কৰিবলৈও সুবিধা হয়। বিভিন্ন কথা প্ৰসংগত তেখেতৰ মুখত অসমৰ চাহপাত, চাহ জনগোষ্ঠীৰ জীৱন ধাৰণৰ পদ্ধতি, সত্ৰসমূহৰ বিষয়ে বিভিন্ন কথা, কেৱলীয়া ভকত, আহোম ৰাজবংশ আদিৰ দৰে বিভিন্ন কথাবোৰ লানি নিচিগাকৈ শুনিবলৈ পাই আচৰিত লাগে।

এনেদৰে বিভিন্ন সময়ত লগ পাওঁতে, কেতিয়াবা একেলগে বহি দুপৰীয়া এসাজ খোৱাৰ পৰত, কেতিয়াবা ফোনত কোৱা কথাবোৰৰ মাজৰ কিছুমানকে সাঙুৰ খুৱাই তেখেতৰ বিষয়ে এটি থুলমূল ধাৰণা দিয়াৰ প্ৰয়াস কৰা হৈছে।

১) প্ৰথম অসমৰ কথা কেনেকৈ জানিলে?

    তেখেত প্ৰথম ভাৰত ভ্ৰমণলৈ গৈছিল ১৯৯৮ চনত – প্ৰধানকৈ যোৱা ঠাইসমূহ আছিল দিল্লী, আগ্ৰা, জয়পুৰ, বাৰাণসী ইত্যাদি। তেতিয়ালৈকে তেখেতে অসমৰ নামো শুনা নাছিল। আনকি বিদেশী পৰ্য্যটকৰ বাবে তৈয়াৰ কৰি উলিওৱা তেতিয়াৰ বিভিন্ন গাইডবুক বিলাকতো হেনো উত্তৰ পূৰ্বাঞ্চলক এটি দুৰ্গম, আওহতীয়া ঠাইত অৱস্থিত অঞ্চল বুলি বৰ্ণনা কৰাৰ উপৰিও উগ্ৰপন্থী তথা আন সমস্যাৰ বাবে পৰাপক্ষত ইয়ালৈ যাবলৈ বাৰণ কৰা আছিল। ইন্টাৰনেটৰ প্ৰসাৰ নথকা বাবে কথাবোৰ বিতংকৈ জনাৰ আন উৎসও তেনেকৈ নাছিল। কেৱল কাজিৰঙা অভয়াৰণ্য দৰ্শনৰ বাবেহে কিছু পৰ্য্যটক আহিছিল। কথাখিনি জানি চকু কঁপালত উঠিল। যি কি নহওক, তেখেত দিল্লীত থকা কালচোৱাত শিৱসাগৰৰ পৰা মধুচন্দ্ৰিকা যাপনৰ বাবে যোৱা এক নববিবাহিত অসমীয়া দম্পত্তীৰ সৈতে তেখেতৰ সাক্ষাৎ হয় আৰু তেওঁলোকৰ মুখৰ পৰা প্ৰথম অসমৰ বিষয়ে জানিব পাৰে। ইতিমধ্যে তেওঁলোকৰ মাজত নাম-ঠিকনাৰ আদান প্ৰদান হয় আৰু ঘূৰি অহাৰ পিছতো চিঠিৰে যোগাযোগ থাকেবছৰেকত হেনো এবাৰকৈ দুয়োপক্ষৰ মাজত চিঠি দিয়া-দি হৈছিল। ইতিমধ্যে ইন্টাৰনেটৰ প্ৰসাৰৰ পিছত ই-মেইলেৰে যোগাযোগ ৰখাটো সম্ভৱপৰ হৈ পৰিল।

২) প্ৰথম অসম ভ্ৰমণ, তাৰ পিছৰ অনুভৱ আৰু প্ৰথমখন কিতাপ প্ৰকাশ:

সুদীৰ্ঘ দহ বছৰৰ পিছত ২০০৮ চনৰ মাৰ্চ মাহত তেওঁ অসম ভ্ৰমণলৈ আহি সোণোৱাল উপাধিৰ শিৱসাগৰৰ সেই বিশেষ পৰিয়ালটোৰ তাতেই কিছুদিন আছিল। উজনি অসমত ৰাস্তাৰ দুকাষে চকুৰে নমনালৈকে চাহবাগিছা দেখি অভিভূত হৈ পৰিছিল তেওঁ। ইমানেই আকৰ্ষিত হৈছিল যে প্ৰায় এমাহ তেওঁ চাহ বাগিছাৰ বনুৱাসকলৰ লগত, তেওঁলোকৰ ঘৰত সম্পূৰ্ণভাৱে তেওঁলোকৰ জীৱন শৈলী অনুকৰণ কৰি আছিল। পুৱা উঠি কিবা অলপ খাই বনুৱাসকলে পাত তুলিবলৈ যাওঁতে তেওঁও একেলগে যায়, জমা হোৱা পাতবোৰ কাৰখানাত দি তাত কেনেদৰে পিছৰ কামখিনি হয়গৈ তাৰো কিছু কাম পৰ্য্যবেক্ষন কৰে – এক কথাত এজন বনুৱাৰ ৰূপত তেখেতে তাত এমাহ কটাইছিল। তেখেতৰ মতে মানুহখিনি দুখীয়া হ’লেও খুব সৰল মনৰ (Poor but pure minded)

প্ৰথম কিতাপখনৰ বেটুপাত
       এনেতে এমাহ পিছতে ৰঙালী বিহু পালেহি। গছত নতুন কুঁহিপাত, কুলিৰ কাকলি, ৰংঘৰ বাকৰিত হোৱা বিহুৰ লগতে ঘৰে ঘৰে মৰা হুচৰি ! এক সম্পূৰ্ণ নতুন তথা ভাললগা পৰিবেশৰ মাজত সোমাই পৰিছিল তেখেত। বিহুগীতৰ তাল (Rhythm)ৰ লগত কোৰিয়াৰ লোকসংগীত আৰিৰাং (Arirang) ৰ কিছু মিল থকা যেন অনুভৱ কৰিছিল তেখেতে। স্থানীয় খাদ্যৰ (বিশেষকৈ জনগোষ্ঠীয় খাদ্যসমূহৰ) কোৰিয়াৰ খাদ্যৰ লগতো কিছু মিল প্ৰত্যক্ষ কৰিছিল তেওঁ।

প্ৰায় দুমাহ অসমত কটাই কোৰিয়া ঘূৰি অহাৰ সময়লৈকে অসমৰ ওপৰত কিতাপ লিখাৰ কোনো পৰিকল্পনা নাছিল তেওঁৰ। কিন্তু ক্ৰমাৎ মনৰ ভিৰতত উকমুকাই থকা কথাবিলাক মানুহক জনোৱাৰ এক প্ৰৱল ইচ্ছাৰ বাবেই তেওঁৰ অসম ভ্ৰমণৰ অভিজ্ঞতাবোৰ বিশেষকৈ চাহবাগানত কটোৱা দিনবোৰ তথা অসমৰ চাহৰ বিষয়ে বিতংকৈ লিখি এখন কিতাপ প্ৰকাশ কৰি উলিয়ায় – নাম “আচ্চাম চ্চা চ্চা চ্চা”। কোৰিয়ান ভাষাত “চ্চা” মানে চাহ। মূল শব্দটো চীনা ভাষাৰপৰা অহা। অৱশ্যে তেতিয়া কোৰিয়াত অসমৰ বিষয়ে জনা মানুহ আছিল তেনেই তাকৰ। গতিকে কিতাপখনৰ বিক্ৰীও আশা কৰামতে নহ’ল। কিন্তু ক্ৰমাৎ মানুহে তেওঁৰ কিতাপসমূহ আদৰি ল’বলৈ ল’লে আৰু আৰু এতিয়া তেখেত চাহপাতৰ ওপৰত হোৱা বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ, চেমিনাৰ আদিলৈ আমন্ত্ৰিত হয় আৰু তাত অসমৰ চাহৰ ওপৰত বিভিন্ন কথা বিশদভাৱে বৰ্ণনা কৰে।

৩) কিতাপ কেইখনৰ বিষয়ে থুলমূলকৈ:

       অসমৰ বিষয়ে আৰু অধিক জনাৰ আগ্ৰহে বাৰে বাৰে তেওঁক অসমলৈ
     টানি আনিলে।
 প্ৰতিবাৰ অসম ভ্ৰমণতেই তেওঁ প্ৰায় তিনিমাহ সময় অসমত কটায় আৰু একোটা
     নতুন বিষয়ৰ ওপৰত এখনকৈ নতুন কিতাপ প্ৰকাশ কৰি উলিয়ায়। থুলমূলকৈ
     ক’বলৈ গ’লে কিতাপকেইখনৰ মূল কথাখিনি এনে ধৰণৰ:
i)    আচ্চাম চ্চা চ্চা চ্চা:
মূলতঃ চাহবাগিছাৰ লোকসকলৰ জীৱনশৈলীৰ ওপৰত কিতাপখন ৰচিত। চাহবাগিছাৰ
         সৌন্দৰ্য্যই তেখেতক বাৰুকৈয়ে আকৃষ্ট কৰিছিল আৰু এই সৌন্দৰ্য্যক তেওঁ এখন
         সেউজীয়া দলিচাৰ লগত ৰিজাইছে। কিতাপখনৰ প্ৰথমটো অধ্যায়ৰ নামেই হ’ল “ভগৱানৰ
         দলিচাসদৃশ সৃষ্টি – চাহবাগিছাসমূহ”

    

ii)    ইন্দো আচ্চামএ চ্চোৱেসাগো মাজুলীএ প্পাজিধা (ভাৰতবৰ্ষৰ অসমৰ মাজুলীলৈ শৰতৰ
            আগমন)
দ্বিতীয় কিতাপখন

          অসমৰ বিষয়ে লিখা এই দ্বিতীয় কিতাপখনৰ মাজুলীৰ বিভিন্ন তথ্য সন্নিবিষ্ট হৈছে। প্ৰথম অধ্যাটোত কেৱলীয়া ভকতৰ ওপৰত বিশদ বৰ্ণনা কৰা আছে। অধ্যায়টোৰ নাম ৰখা হৈছে “সৰগৰ পৰা নামি অহা সুঠাম যুৱকজন – কেৱলীয়া ভকত”। দ্বিতীয় অধ্যায়ত মাজুলীৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰ আৰু সত্ৰসমূহৰ বৰ্ণনা আছে। ইয়াৰ পিছত ক্ৰমে আপঙৰ প্ৰস্তুত প্ৰণালী, ৰঙালী বিহু আৰু মেখেলা চাদৰৰ ওপৰত বিশদভাৱে বৰ্ণনা কৰা আছেএই তথ্যবোৰ বিতংভাৱে জানিবলৈ বহু স্থানীয় লোকৰ ঘৰত থাকি কথাবিলাকৰ পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলগীয়া হৈছিল। উল্লেখ্য যে কোৰিয়াৰ এবিধ স্থানীয় সুৰা “মাক্কলি” আৰু আপঙৰ সোৱাদ প্ৰায় একেই।
 






iii)          তৃতীয় কিতাপখনৰ নামটো এটা কোৰিয়ান খণ্ডবাক্যৰ পৰা লোৱা হোৱা বাবে ইয়াৰ হুবহু অসমীয়া বা ইংৰাজী অনুবাদ কৰাটো কঠিন। ইয়াৰ থূলমূল অৰ্থটো এনে ধৰণৰ “কোনো এবিধ খাদ্যৰ সোৱাদ ইমানেই বেছি যে মুখৰ সোৱাদখিনিও যেন লৈ যাবৰ মন”। কিতাপখনত অসম আৰু আন ঠাইৰ চাহৰ তুলনা কৰা হৈছে। কিতাপখনৰ বাবে তথ্য সংগ্ৰহৰ বাবে তেখেতে মাৰ্ঘেৰিটাৰ প্ৰায় দহখন মান চাহ বাগিছালৈ গৈছিল। আনকি টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ পৰাও বহু তথ্য সংগ্ৰহ কৰিছিল।

iv)           সোংচ্চা ৰোড (The Tea Road): এই কিতাপখনত অসম চাহৰ ইতিহাসৰ বিষয়ে বৰ্ণনা কৰা আছে। মনিৰাম দেৱান, ৰবাৰ্ট ব্ৰুছৰ পৰা কেনেদৰে আৰম্ভ হৈ এতিয়া কি পৰ্য্যায় পাইছে তাৰ বিশদ বৰ্ণনা আছে ইয়াত। তাৰোপৰি CTC চাহ, স্বাস্থ্যত চাহৰ প্ৰভাৱ আদিবোৰৰো বিৱৰণ দিয়া আছে।

অসমলৈ আহি হোৱা কেইটামান তিতা-মিঠা অভিজ্ঞতা:

         এবাৰ মাজুলীলৈ গৈ বানপানীৰ কবলত পৰিবলগীয়া হৈছিল তেওঁ। ঘৰৰ বাহিৰৰ কথাতো বাদেই, ভিতৰতো একাঠু পানী। কোনোদিনেই বানপানী দেখিও নোপোৱা কাৰোবাৰ কাৰণে এনেকুৱা এটা অভিজ্ঞতা কেনে কষ্টকৰ হ’ব পাৰে সহজেই অনুমেয়। অৱশ্যে এনে অৱস্থাতো তেখেত থকা সত্ৰৰ গেষ্ট হাউচটোলৈ কেৱলীয়া ভকতৰ কেইজনমানে দৰকাৰী বস্তুবোৰৰ সময়মতে যোগান ধৰি আছিল আৰু এই কথাটো তেখেতে এতিয়াও কৃতজ্ঞতাৰে সোঁৱৰে।

                  অসমৰ বিভিন্ন পৰিস্থিতিবোৰ ভালদৰে বুজিবৰ বাবে কোনো ঠাইলৈ যাবলৈ যিমানদূৰ সম্ভৱ ভাড়া গাড়ী, বাতানুকুল বাচ আদিৰ সলনি সাধাৰণ মানুহে ব্যৱহাৰ কৰা বাচ, ট্ৰেকাৰ আদিবোৰহে ব্যৱহাৰ কৰে তেওঁএবাৰ এনেদৰে গৈ ৰাতিটো এঠাইত কটাই পিছদিনা আন এঠাইলৈ বুলি যাবলৈ ওলাই দেখে দোকান-পোহাৰ, গাড়ী-মটৰ সকলো বন্ধ ! কোনোবা সংগঠনে হেনো সেইদিনা “অসম বন্ধ” দিছিল। বহুপৰ তেখেতে বুজিবই পৰা নাছিল আচলতে কিনো হৈছে। বন্ধৰ প্ৰভাৱ ইমানেই বেছি আছিল যে আনকি চাহ একাপ খাবলৈও দোকান এখন নাই। ভাষাৰ অসুবিধাৰ বাবে মানুহক তেওঁৰ অসুবিধাখিনি ভালদৰে বুজাবও পৰা নাছিল তেওঁ। অৱশেষত অংগী ভংগীৰে বুজোৱা কথাখিনি এঘৰ মানুহে বুজিলে, তেখেতক ঘৰলৈ নি শাকে-পাতে হ’লেও এসাজ খোৱাৰ ব্যৱস্থা কৰি দি সন্ধিয়া বন্ধ শেষ হ’লত ক’ৰপৰা কেনেকৈ যাব লাগিব, ভালদৰে দেখুৱাই থৈ আহিলগৈ

               আন এবাৰ চাহ বাগিছাৰ মাজত ঘূৰি-ফুৰোঁতে হঠাতে সাপে খুটিলে তেখেতক। স্থানীয় মানুহখিনিয়ে বিভিন্ন প্ৰকাৰে তেখেতক সা-শুশ্ৰুষা কৰি সুস্থ কৰি তুলিছিল।

জেতুকা গছৰ পাত বতি হাতত লগোৱাটো, গাই খীৰোৱা, পথাৰত গৰু-ছাগলী চৰি থকা, মানুহে তেখেতক মাতি নি আপ্যায়িত কৰা আদিবোৰ আমাৰ বাবে সাধাৰণ যেন লাগিলেও তেওঁৰ মতে এইবোৰো একো একোটা মনত থাকিবলগীয়া অভিজ্ঞতা। এনে ধৰণৰ অনেক তিতা-মিঠা অভিজ্ঞতাৰে পুষ্ট তেখেতৰ কাহিনীবোৰ।

              এদিন কথাৰ মাজত তেখেতে ক’লে – “আচলতে অসমৰ বিষয়ে আমি নাজানো বুলি ভাবিছিলোঁ যদিও প্ৰাথমিক স্কুলত থাকোঁতে পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই আচ্চাম (সাতভনী লগ হৈ হোৱা তেতিয়াৰ অসমখন) বুলি পঢ়া মনত পৰে।” কিন্তু সেই “আচ্চাম” এই যে তেওঁ প্ৰায়ে গৈ থকা অসমখন, সেই কথাটো তেওঁৰ বহুবছৰ পিছতহে হেনো মনলৈ আহিছিল। যিয়েই নহওক, তেখেতেই চাগে অসমৰ বিষয়ে ইমান বিতং তথ্যাদি সন্নিবিষ্ট কৰি কোৰিয়ান ভাষাত কিতাপ লিখা প্ৰথম লেখিকা। তেখেতৰ ভাষাতেই “I love and respect Assam” অসমীয়া ভালদৰে ক’ব নোৱাৰিলেও “কি খবৰ?” “লগ পাই ভাল লাগিল”, “আকৌ লগ পাম” আদিৰ দৰে সৰু সৰু দুই এটা বাক্য তেখেতৰ মুখত শুনিবলৈ পাওঁ। অসমৰ বিষয়ে আৰু বিতংকৈ জনাৰ আগ্ৰহ দেখিলে আচৰিত লাগে। চাহবাগিছাৰ বনুৱাসকলৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে বছৰি কিছু আৰ্থিক সাহাৰ্য্য দিয়াৰো পৰিকল্পনা আছে তেওঁৰ। কেইবাবাৰো লগ পোৱাৰ অভিজ্ঞতাৰে এটা কথা নিশ্চয়কৈ ক’ব পাৰোঁ যে মানুহগৰাকী তেনেই সৰলমনা আৰু মৰমীয়াল। আনকি কেতিয়াবা নিজহাতে এসাজ ৰান্ধিও খুউৱায়। তেখেতে এইদৰেই কাম কৰি যাওক আৰু হৈ ৰওক মৰমৰ কোৰিয়ান “জেঠাই”জনী !
 

No comments:

Post a Comment