Sunday, 10 December 2017
হং-কঙৰ অৰঙে দৰঙে
হং-কঙৰ
অৰঙে দৰঙে
কেথে’ পেচিফিকৰ বিমানখন হংকঙত অৱতৰণ কৰোঁতে তাত সন্ধিয়া প্ৰায়
৬:৪৫ বাজিছিল – অস্তগামী সুৰুজৰ ৰাঙলী আভাই ৰঙীন কৰি তুলিছিল চৌপাশ। বিমানৰ পৰা
নামিয়েই এই দৃশ্য দেখি এক অজান পুলকত মন ভৰি পৰিল। হংকঙত ভাৰতীয় নাগৰিকৰ বাবে
পোন্ধৰ দিনৰ বাবে ভিচা নোহোৱাকৈ প্ৰৱেশৰ সুযোগ থকা বাবে অভিবাসন (Immigration) ত
বিশেষ একো প্ৰশ্নবাণৰ সন্মুখীন নোহোৱাকৈয়ে বিমানবন্দৰৰ পৰা ওলাই হোটেল অভিমুখে
ৰাওনা হ’লোঁ। হংকঙত টেক্সী অতি খৰচী হোৱা বাবে আৰু বিমানবন্দৰৰ পৰা বেছিভাগ ঠাইলৈ
যাবলৈ বাচৰ সুব্যৱস্থা থকা বাবে পৰ্য্যটকসকলে বাচকেই পৰিবহনৰ প্ৰথম বিকল্প হিচাপে
লয়। বাচ আস্থানলৈ আহি দেখিলোঁ, আটাইবোৰ বাচ দুখলপীয়া – এচিয়াৰ আন দেশবোৰত নেদেখা এক
দৃশ্য। বাচখনত উঠিয়েই পালোঁ আমাৰ এক অতিকে চিনাকি পৰিবেশ – খুচুৰাৰ অভাৱ। পোনেই
ড্ৰাইভাৰজনে ক’লে “Sorry, we don’t
have change. You have to pay the exact amount – 33 Hong Kong dollars.” ইতিমধ্যেই বুক কৰি থোৱা হোটেলখনৰ নিকটবৰ্তী বাচ আস্থান চুং
কিং মেনচন (Chung King Mansion) লৈ যাবলৈ প্ৰায় এঘন্টা পোন্ধৰ মিনিট লাগিল। এইখিনি চহৰখনৰ এক অতি ব্যস্ত অঞ্চল; পৰ্য্যটকৰ ভীৰো খুবেই বেছি। চীনদেশৰ মূল ভূখণ্ডত ইংৰাজী
ভাষাৰ প্ৰয়োগ প্ৰায় নাই বুলিবই পাৰি। কিন্তু তাৰ বিপৰীতে ইয়াত ইংৰাজীৰ বহুল
প্ৰয়োগ দেখিবলৈ পালোঁ। বাচ আস্থানত নামি হোটেলত সোমাবলৈ লওঁতেই দেখিলোঁ পৰঠা,
পুৰি-তৰকাৰীৰ কেবাখনো ৰেষ্টুৰেন্ট আৰু ৰসগোল্লা, জিলাপী আদি মিঠাইৰ বহুতো দোকান। আনকি
মেংগো বাইট, আন মুখৰোচক ভৰাই ৰখা কাঁচৰ টেমা আৰু পানমচলা, মিঠা চুপাৰীৰ পেকেট শাৰী
শাৰীকৈ ওলোমাই থোৱা সৰু সৰু দোকানো। দোকানীবোৰৰ মুখাবয়ববোৰ দেখিও ভাৰতীয় যেনেই লাগিল। কিনো কথা থিৰাং কৰিবলৈ নৌপাওঁতেই পিছপিনৰ
পৰা কোনোবা এজনে হিন্দীতে সুধিলেহি “ভাইচাহাব, ৰুম চাহিয়ে ক্যা?”। ঘূৰি চাই
দেখিলোঁ মুৰত পাগুৰীৰে সৈতে এজন সুঠাম পাঞ্জাবী যুবক। “নাই নালাগে” বুলি কৈ
আগবাঢ়িলোঁ। হোটেলত কিছুসময় জিৰণি লৈ ওচৰতে এপাক মাৰোঁ বুলি ওলালোঁ। ভাৰতীয়
মুখাবয়বৰ লোকৰ কেইবাখনো দোকান, বস্তুও ভাৰতীয় – ভুজিয়া, চানাচুৰ, মিঠাই ! চীনা
ভাষাৰ উপৰি হিন্দী, বঙালী আৰু নেপালী ভাষাত কথা পতা কাণত পৰিল। ভাৰতীয় লোকৰ ইমান
পয়োভৰ দেখি বেলেগ দেশ এখনত থকা যেন লগাই নাছিল। তাতে আকৌ ভাৰতীয় খাদ্য পাই নিশাৰ আহাৰো
পৰঠা-তৰকাৰীৰেই কৰা হ’ল।
নিশাৰ আহাৰৰ পিছতে ওচৰতে এপাক
মাৰোঁ বুলি ওলালোঁ। চুং কিং মেনচনৰ পৰা ভিক্টোৰিয়া বন্দৰ আৰু ইয়াৰ পাৰতে অৱস্থিত এভিনিউ
অব ষ্টাৰছ (Avenue of Stars) লৈ তামোল এখন চোবোৱাৰ বাট মাথোন। সন্মুখৰ নাথান
পথেৰে কিছুদূৰ গ’লেই তাত ভিক্টোৰিয়া বন্দৰ অৱস্থিত। এভিনিউ অব ষ্টাৰছৰ মূখ্য
আকৰ্ষন হ’ল, গৈ থকা বাটত পথৰ ওপৰতে সুন্দৰকৈ সংৰক্ষন কৰি ৰখা হংকঙৰ মুঠ ১০৭ জন
জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী, খেলুৱৈ, গায়ক আদিৰ হাতৰ চাব আৰু চহী। ইয়াৰ ভিতৰত ব্ৰুছ
লী, জেট লী, জেকী চান আদি অন্যতম। বন্দৰটোৰ নিশাৰ দৃশ্য অতিকৈ মনোমোহা।
আনটো পাৰৰ ৰং-বিৰঙৰ আলোকসজ্জাৰে সজ্জিত অট্টালিকাৰ সাগৰত পৰা প্ৰতিবিম্ববোৰে সোণত
সুৱগা চৰায়। এই অঞ্চলৰ আন এক আকৰ্ষণ হ’ল প্ৰায় ২.৫ মিটাৰ উচ্চতাৰ ব্ৰুছ লীৰ
প্ৰতিমূৰ্তিটো। হংকংস্থিত Bruce Lee fan club এ দান-বৰঙনিৰে সংগ্ৰহ কৰা এক লাখ আমেৰিকান ডলাৰেৰে এই মূৰ্তিটো
নিৰ্মান কৰোৱাইছিল। মূৰ্তিটোৰ সেই বিশেষ ভঙ্গীমাটো ১৯৭২ চনৰ ব্ৰুছ লী অভিনীত
ছবি Fist of Fury ৰ এটা দৃশ্য (ready
to strike moment) ৰ পৰা লোৱা হৈছে। ২০০৫ চনৰ ২৭ নবেম্বৰত ব্ৰুছ লীৰ ভায়েক ৰবাৰ্ট
লীয়ে এই মূৰ্তিটো উন্মোচন কৰিছিল। ভিক্টোৰিয়া বন্দৰৰ কাষেৰে অহা-যোৱা কৰা একুৱা লুনা
(Aqua Luna) নামৰ বিশেষ নাওখন ইয়াৰ আন এক আকৰ্ষন। একুৱা লুনা হ’ল চীনৰ চং
ৰাজপৰিয়ালৰ ৰাজত্বকালত (৯৬০ – ১২৭৯) ব্যৱহৃত পালতৰা নাওৰ আৰ্হিত তৈয়াৰ কৰা এখন বিশেষ
নাও। নাওখনৰ চীনা নাম চিউং পো চাই (Cheung
Po Tsai)। উনৈশ শতিকাৰ
জলদস্যু চিউং পো চাইৰ নামেৰে এই জাহাজখনৰ নামাকৰণ
কৰা হৈছে। দুখলপীয়া এই জাহাজখনেৰে প্ৰধানতঃ পৰ্য্যটকক ভিক্টোৰিয়া বন্দৰ (Victoria harbour) আৰু ইয়াৰ আশে-পাশে থকা ঠাইসমূহৰ দৰ্শন কৰোৱা হয়। দিনৰ ভাগত Tsim Sha Tsui, Wan Chai আৰু Hung Hom ৰ দৰ্শন কৰোৱা হয় যদিও সন্ধিয়াৰ ভাগত কেৱল Tsim Sha Tsue ৰ হে দৰ্শন কৰোৱা হয়। পিছে সাপ্তাহান্তিকত ওচৰৰে ষ্টেন্লি, আবাৰদীন,
চিউং চাউ দ্বীপ আৰু Joss House Bay কো সামৰি এক দীঘলীয়া যাত্ৰা কৰোৱা হয় পৰ্য্যটকসকলক।
পিছদিনা
ৰাতিপুৱাই চহৰখনৰ আন কিছু ঠাই চাওঁ বুলি ওলালোঁ। প্ৰথমতেই ওলালোঁ চুক লাম চিম মঠলৈ
(Chuk Lam Sim monastery)। মূল চহৰখনৰ
পৰা কিছু দূৰৈত অৱস্থিত মঠটোলৈ গৈ থকাৰ বাটত গাইডজনে হংকঙৰ ওপৰত এটি সম্যক ধাৰণা দিয়াৰ
উদ্দেশ্যে বহুতো সৰু সৰু কথা কৈ গ’ল। হংকং শব্দটোৰ অৰ্থ হ’ল সুগন্ধি বন্দৰ (Fragrant harbour)। চীনদেশৰ অন্তৰ্গত যদিও এইখন এখন স্বায়ত্বশাষিত অঞ্চল হোৱা
বাবে চীনৰ মূল ভূখণ্ডৰ তুলনাত যথেষ্ট পাৰ্থক্য বিদ্যমান। আনকি হংকং আৰু চীনদেশৰ জাতীয়
পতাকাও সম্পূৰ্ণ বেলেগ। বিশ্বৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ দেশসমূহৰ ভিতৰত হংকং এখন। প্ৰথম
অ’পিয়াম যুদ্ধৰ (১৮৩৯ – ১৮৪২) পিছত হংকং এখন ব্ৰিটিছ উপনিবেশত পৰিণত হয়। দ্বিতীয়
বিশ্বযুদ্ধত জাপানে এই ভূমিখণ্ড অধিকাৰ কৰে যদিও ১৯৯৭ চনলৈ ইংৰাজসকলে ইয়াৰ ওপৰত
নিজৰ নিয়ন্ত্ৰন বজাই ৰাখিবলৈ সমৰ্থ হয়। পিছলৈ ব্ৰিটিছসকল আৰু চীনৰ মাজত হোৱা
চুক্তি অনুসাৰে হংকঙক চীনদেশলৈ হস্তান্তৰ কৰা হয়। হংকঙক চীনৰ এক বিশেষ প্ৰশাষনিক
অঞ্চল (Special administrative region) বুলি জনা যায় কাৰণ ই চীনৰ বিশেষ হস্তক্ষেপ নোহোৱাকৈ যিকোনো
নীতি গ্ৰহণ কৰিব পাৰে। গাইডজনে কৈ গ’ল – চীনৰ মূল ভূখণ্ড আৰু টাইৱানত চলা মাণ্ডাৰিন
(Mandarin – চীনা ভাষাৰ এটা উপভাষা) ভাষাৰ বিপৰীতে ইয়াত চলে কেন্টোনিজ (Cantonese –
চীনা ভাষাৰেই আন এক উপভাষা) ভাষা। চীনা ভাষাৰ এটা বিশেষত্ব হ’ল, একেটা শব্দৰেই
হ্ৰস্ব আৰু দীৰ্ঘ স্বৰৰ উচ্চাৰণে সম্পূৰ্ণ বেলেগ বেলেগ অৰ্থ বুজায়। মাণ্ডাৰিন
ভাষাত এনে ভিন্ন স্বৰ চাৰিটা থকাৰ বিপৰীতে কেণ্টোনিজ ভাষাত এই স্বৰ ৬ টা (আচলতে
মূখ্য স্বৰহে ৬টা – মূখ্য, গৌণ স্বৰ মিলি মুঠ ৯টা)। তাৰোপৰি মাণ্ডাৰিন ভাষাত ব্যৱহাৰ হোৱা বৰ্ণসমূহ
প্ৰাচীন চীনা ভাষা বৰ্ণসমূহৰ সামান্য সৰলীকৃত ৰূপ। শীতকালত বাদে আন প্ৰায়খিনি সময়
হংকঙৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। গ্ৰীষ্মকালত ধুমুহা-গাজনিৰ লগতে ঘূৰ্ণীবতাহো
প্ৰায়েই আহে যদিও ইয়াৰ প্ৰকোপ খুব প্ৰবল নহয়। ২০০৯ চনত হংকং ষ্টক এক্সেঞ্জ বিশ্বৰ
সপ্তম বৃহত্তম ষ্টক এক্সেঞ্জ হিচাপে পৰিগণিত হৈছিল। কথাৰ মাজে মাজে বাহিৰৰ দুই এটা
বিশেষ অঞ্চল আঙুলিয়াই গ’ল গাইডজনে। চালকজনৰ কুশলী ড্ৰাইভিঙত আমাৰ মেৰুন ৰঙৰ
গাড়ীখন পৰ্বতৰ মাজৰ সৰ্পিল বাটটোৰে
অকাই-পকাই গৈ থাকিল৷ মাজে মাজে পাহাৰৰ
পৰা বৈ অহা দুই এটি সৰু নিজৰা। আনটো ফালে সাগৰখনৰ মূল ভূমিখণ্ডৰ ভিতৰলৈ সোমাই অহা
অঞ্চলবোৰত খৰস্ৰোতা পানীয়ে ঠেকা খোৱাত অহৰহ শব্দময় হৈ আছিল
পৰিৱেশটো৷ কিছুসময় পিছত চুক লাম চিম মঠ পালোগৈ। এই বৌদ্ধ মঠটো হংকঙৰ বিশালকায়
বৌদ্ধ মঠবোৰৰ ভিতৰত অন্যতম। চীনা ভাষাত চুক লাম চিমৰ অৰ্থ হ’ল বাহৰ অৰণ্য (Babmoo forest)। মঠটোৰ দুৱাৰৰ
দুইকাষে থকা সিংহৰ মূৰ্তি দুটাৰ অৰ্থ গাইডজনে বুজাই দিলে। অলপ সুক্ষ্মভাৱে লক্ষ্য
কৰিলে দেখা যায় যে ইয়াৰে এটাই এটা গোলাকাৰ বলৰ আকৃতিৰ বস্তু আগঠেঙেৰে খামুচি ধৰি
থকাৰ বিপৰীতে আনটোৱে আগঠেঙেৰে সিংহৰ পোৱালী এটা ধৰি আছে। ইয়াৰদ্বাৰা সাংকেতিকভাৱে
প্ৰথমটো মতা আৰু আনটো মাইকী সিংহ বুলি বুজোৱা হৈছে। কিন্তু দুয়োটাকে একে স্তৰতে
ৰাখি দ্বাৰপালৰ কাম কৰা দেখুওৱা বাবে মতা-মাইকী দুয়োকে কোনো ভেদভাব নৰখাকৈ একে
স্তৰত ৰখাটোকে বুজোৱা হৈছে। মঠটোৰ ভিতৰলৈ সোমোৱাৰ আগেয়ে জোতা খুলিবলৈ লওঁতেই
গাইডজনে ক’লে “No no, you don’t need
to take off your shoes. In most of the Budhhist temples people do, but noone
does here.” । অলপ ইতস্ততঃ বোধ কৰিছিলো যদিও জোতা
নোখোলাকৈয়ে সোমালোঁ। ভিতৰত তিনিটা বিশালকায় বুদ্ধৰ মূৰ্তি আছে। ইয়াৰ মাজৰটোৱে
বুদ্ধদেৱৰ প্ৰৱোধন (Enlightenment) পোৱা
অৱস্থাক বুজাইছে। পিছপিনে মন্দিৰটোৰ অন্তৰ্গত এখন বৃদ্ধাশ্ৰম অৱস্থিত। ইয়াৰ কাষতে
অৱস্থিত এটা সৰু কোঠাত কেইবাজনো বয়সস্থ লোকৰ ছবি ক্ৰমিক সংখ্যাৰে সৈতে ৰখা আছে
পিছে এই সংখ্যাবোৰৰ মাজত এক সংখ্যাটো বাদ দিয়া হৈছে। যেনে একৈশ লিখিবলৈ হ’লে দুই
আৰু এক লিখাৰ সলনি ২০a বা তেনেধৰণে লিখা আছে। হংকঙত এক সংখ্যাটোক অশুভ বুলি ভবা
হয় বাবেই এনে কৰা হৈছে বুলি গাইডজনে জনালে। যিহেতু বৌদ্ধ ধৰ্মত পুনৰ্জন্ম বিশ্বাস
কৰা হয়, ইয়াত বহুতো লোকে (বা তেওঁলোকৰ আত্মীয় স্বজনে) মৃত্যুৰ আগতে যথেষ্ট টকা দান
দি সকলো সুকলমে হৈ যোৱাৰ কামনাৰে ইয়াত নিজৰ নাম খোদাই কৰি ৰাখিবলৈ বিচাৰে।
মানুহজনৰ মৃত্যুৰ পিছত ইয়াত তেওঁৰ নাম, ছবিসহ আটাইবোৰ তথ্য সন্নিবিষ্ট কৰি সংৰক্ষণ
কৰি ৰখা হয়।
মন্দিৰটোৰ
পৰা ওলাই পোনে পোনে যাত্ৰা কৰিলোঁ প্ৰায় ৯০০ বছৰ পুৰণি চুই মেই গাঁৱলৈ (Shui Mei Village)। গাইডজনে জনোৱা মতে গাঁৱখনলৈ নতুনকৈ আহি বাস কৰা লোক প্ৰায়
নাই বুলিবই পাৰি। বৰ্তমান ইয়াত বসবাস কৰি থকা প্ৰায় সকলোখিনি লোকেই আৰম্ভনিতে থকা
লোকসকলৰ বংশধৰহে। গাঁৱখন যে প্ৰাচীন কালৰেপৰা শিক্ষা-দীক্ষাত আগবঢ়া আছিল তাৰ
প্ৰমাণ দিয়ে ইয়াত বৰ্তমানো সংৰক্ষিত অৱস্থাত থকা ই-তায়ী অধ্যয়ন কক্ষটোৱে (Yi Tai Study Hall)। কিং বংশৰ (Qing dynasty) দাওগুৱাঙৰ (Daoguang)
ৰ ৰাজত্বকালত (১৮২১ – ১৮৫০) ১৬ জন
বিদগ্ধ পণ্ডিতেৰে গঠিত টাং ই টাই উই (Tang
Yi Tai Wui) সমিতিয়ে গাঁৱখনৰ ছাত্ৰ-ছাত্ৰীসকলক
শিক্ষিত কৰি তোলাৰ মানসিকতাৰে এই কক্ষটো নিৰ্মাণ কৰি উলিয়াইছিল। মেধাৱী
ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিৰ ব্যৱস্থাও আছিল। ছাত্ৰ-ছাত্ৰীসকল বহিবৰ বাবে অতি ঠেক
ডেস্ক-বেঞ্চৰ ব্যৱস্থা ৰখা হৈছিল। গাইডজনৰ মতে শিক্ষাৰ্থীসকলক যথেষ্ট কঠোৰ শিক্ষা দিয়া হৈছিল আৰু সকলো
ধৰণৰ আৰামপ্ৰিয়তাৰ পৰা দূৰত ৰখাৰ উদ্দেশ্যৰেই এনে কৰা হৈছিল। কেৱল পুথিগত শিক্ষাতে
সীমাবদ্ধ নাৰাখি ইয়াত যুদ্ধকলাৰ প্ৰশিক্ষণৰো ব্যৱস্থা আছিল। কক্ষটোৰ পিছপিনে থকা
মুকলি ঠাইখিনি কুংফু প্ৰশিক্ষণৰ বাবে ব্যবহৃত হৈছিল। কক্ষটোৰ সন্মুখ প্ৰাংগনটো
শুভ্ৰ শিলেৰে নিৰ্মাণ কৰা বাবে ইয়াৰপৰা পঢ়ি ওলোৱা ছাত্ৰ ছাত্ৰীসকলক students of white stone lane বুলিও জনা গৈছিল। বিংশ শতিকাত আধুনিক শিক্ষাৰ প্ৰভাৱ পৰা
সময়ত এই কক্ষটোক এখন প্ৰাথমিক বিদ্যালয়লৈ পৰিবৰ্তিত কৰা হয়। পিছলৈ কেবা বছৰ ধৰি এই
এই ঘৰটো পৰিত্যক্ত অৱস্থাত থকাৰ পিছত ১৯৯২ চনত কিছু অংশ পুনৰ্নিৰ্মাণ কৰি উলিওৱা
হয়। হংকঙৰ প্ৰাথমিক তথা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বন্ধৰ দিনত ইয়ালৈ
শিক্ষামূলক ভ্ৰমণৰ বাবে অনা হয়। তেনে দুটা দলৰ সৈতে কথা-বতৰা হোৱাৰ সৌভাগ্য হৈছিল।
শিক্ষকসকলৰ মতে শিক্ষাৰ প্ৰয়োজনীয়তা তথা সেই সময়ত শিক্ষাব্যৱস্থাৰ সৈতে পৰিচয় কৰাই
দিয়াৰ বাবেই তেওঁলোকক ইয়ালৈ অনা হয়। বিদ্যালয় গৃহটোৰপৰা কিছুদূৰৈত পূৰ্বপুৰুষৰ স্মৃতি
সংৰক্ষণ কৰি ৰখা ঘৰটোও এই অঞ্চলৰ আন এক আকৰ্ষন। এনেতে দুজনী ছাত্ৰীক বাহিৰতে ৰৈ
থকা দেখি “ভিতৰলৈ কিয় যোৱা নাই?” বুলি সোধাত ১৬ বছৰ বয়স নোহোৱালৈকে অভিভাৱকে ইয়াৰ
ভিতৰলৈ সোমাবলৈ মানা কৰি থোৱা বুলি জনালে। অৱশ্যে তেওঁলোকে ইংৰাজীত কথাখিনি ভালদৰে
বুজাব নোৱাৰা বাবে প্ৰকৃত কাৰণটো জানিব নোৱাৰিলোঁ।
ইয়াৰ পিছতে
ওলালোঁ ওচৰৰে কাম-টিন বৃক্ষমহল (Kam Tin Tree
house)লৈ বুলি। খোনোৰ মতে এই ঘৰটো সেই সময়ৰ এটা মন্দিৰ আছিল আৰু আন একাংশৰ মতে এইটো আছিল আন এটা অধ্যয়ন কক্ষ। বহুদিন ধৰি পৰিত্যক্ত অৱস্থাত
থকা বাবে ওচৰতে থকা প্ৰকাণ্ড বট গছজোপাৰ ঠাল ঠেঙুলিয়ে ঘৰটোক মেৰিয়াই ধৰে আৰু তেনে
অৱস্থাতেই ইয়াক সংৰক্ষন কৰি ৰখা হৈছে। বৰ্তমানো গছজোপাৰ ঠাল ঠেঙুলিৰ মাজত ঘৰটোৰ
অস্তিত্ব বিৰাজমান। অতি সুক্ষাতিসুক্ষ্ম বস্তুবোৰো এনেদৰে সযতনে সংৰক্ষণ কৰি ৰখা
দেখি ভাল লাগিছিল।
পিছদিনাৰ
কাৰ্য্যসুচীত আছিল লানটাউ দ্বীপ (Lantau
Island) আৰু দা পিক (The peak)। পাৰ্ল নৈৰ মাজৰ এই দ্বীপটো হ’ল হংকঙৰ বৃহত্তম দ্বীপ। মূলতঃ পাহাৰেৰে
আগুৰা দ্বীপটোক গছ-গছনিৰ প্ৰাচুৰ্য্যতাৰ বাবেই হংকঙৰ হাওঁফাওঁ (The lung of Hong Kong) বুলি জনা যায়। প্ৰাচীন কালৰ অনেক হস্তনিৰ্মিত বস্তু ইয়াত
আৱিষ্কাৰ হৈছে। ইয়াৰ ভিতৰৰ শ্বেক পিক (Shek
Pik) ৰ প্ৰস্তৰ শিল্পকৰ্মক পিতল যুগ (Bronze age)ৰ আৰু
ফান লাউ (Fan Lau) ৰ শিলাবৃত্তটোক নিওলিথিক যুগ (Neolithic age)ৰ বুলি ধাৰণা কৰা হয়। লানটাউ দ্বীপৰ প্ৰধান আকৰ্ষনৰ ভিতৰত পৰে পো-লিন
মঠৰ কাষতে অৱস্থিত প্ৰায় ২৫ মিটাৰ উচ্চতাৰ আৰু ২৫০ টন ওজনৰ পিতলৰ বিশালকায় বুদ্ধৰ
মূৰ্তিটো। কেব্ল কাৰেৰে প্ৰায় আধাঘন্টাত এই অঞ্চলটোলৈ যোৱাৰ সুব্যৱস্থা আছে। কেব্ল
কাৰেৰে যোৱা অৱস্থাত গোটেই দ্বীপটোৰ এক নৈসৰ্গিক দৃশ্য দেখি পুলকিত হৈ পৰিলোঁ। ২৬৮
টা চিৰিৰ ওপৰত স্থাপন কৰা এই মূৰ্তিটো চীনৰ বৈমানিক বিভাগ (China Aeronautic Department)ৰ ফালৰ পৰা তৈয়াৰ পৰা হৈছিল। ১৯৭৮ চনত পৰিকল্পনা আৰম্ভ কৰি ১৯৯৩ চনত
সম্পূৰ্ণৰূপে তৈয়াৰ কৰি উলিওৱা হৈছিল মূৰ্তিটো। চীনৰ চুই আৰু টাং ৰাজবংশৰ (Sui and Tang Dynasty) স্থাপত্যবিদ্যাৰ চাপ থকা মূৰ্তিটো প্ৰধানতঃ পিতলৰ যদিও
মুখমণ্ডলৰ সুক্ষ্মাতিসুক্ষ্ম অভিব্যক্তিবোৰ বিশেষকৈ প্ৰৱোধন পোৱা অৱস্থাৰ
অভিব্যক্তিবোৰ নিখুতভাৱে প্ৰকাশ কৰিবলৈ মুখমণ্ডলত সোণৰ ব্যৱহাৰো কৰা হৈছিল।
একে ধৰণৰ আন
এক আকৰ্ষন হ’ল জ্ঞান পথ (Wisdom path)। ইয়াত প্ৰায় ৮-১০ মিটাৰ উচ্চতাৰ ৩৮ টা কাঠেৰে নিৰ্মিত
স্তম্ভ অসীম সাংকেতিক চিহ্নটো (∞)ৰ আকৃতিত সজোৱা আছে। ইয়াত চীনা ভাষাত খোদিত কথাখিনি বৌদ্ধধৰ্মৰ
হৃদয় স্তোত্ৰ “প্ৰজ্ঞা পাৰমিতা”ৰ চীনা
ৰূপান্তৰ (মূল: সংস্কৃত)।
লানটাউ
দ্বীপৰ আন এক আকৰ্ষন হ’ল সম্ৰাট দাও গুৱাঙৰ ৰাজত্বকালত ১৮৩২ চনত তৈয়াৰ কৰা টুং চুং
দুৰ্গ (Tung Chung fort)। ৫৬০০ বৰ্গমিটাৰ ক্ষেত্ৰফলৰ গ্ৰেনাইট শিলেৰে পৰিবেষ্টিত
এই দুৰ্গটোত ছটা বৃহদাকৃতিৰ বৰটোপ সংৰক্ষিত হৈ আছে। প্ৰধানতঃ ইংৰাজসকল আৰু
জলদস্যুৰ আক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যেৰেই এই দুৰ্গটো নিৰ্মাণ কৰা হৈছিল।
তাৰোপৰি মেংগ্ৰুভ গছৰ পৰিস্থিতিক তন্ত্ৰ, নং পিং ট্ৰেইল (Ngong Ping Train), শ্বাওলিন কুংফু সাংস্কৃতিক কেন্দ্ৰ (Shaolin Kung fu Cultural Centre), উং লুং গিৰিখাত (Wong
Lung Ravine) আদিবোৰ এই
দ্বীপৰ আন কেইটামান আকৰ্ষনৰ ভিতৰত পৰে।
সম্পূৰ্ণ হংকং
দেশখনৰ এক নৈসৰ্গিক দৃশ্য দেখিবলৈ পোৱা ভিক্টোৰিয়া চুড়া (Victoria peak) হংকঙৰ উচ্চতম পৰ্বত। পিছে ভিক্টোৰিয়া চূড়াৰ সলনি সকলোৱে
ইয়াক “সেই চূড়াটো” (the peak) বুলিহে কয়। উনৈশ শতিকাত ই বয়বস্তু কঢ়িওৱা জাহাজক সংকেত
দেখুওৱাৰ বাবে ব্যৱহাৰ হৈছিল। হংকঙৰ আন অঞ্চলৰ উষ্ম জলবায়ুৰ তুলনাত এই অঞ্চলৰ
জলবায়ু নাতিশীতোষ্ণ হোৱা বাবে বহুতে ইয়াক গ্ৰীষ্মকালৰ আবাসস্থলী হিচাপে ব্যৱহাৰ
কৰিছিল। আনহে নালাগে, ইংৰাজৰ শাষনকালত হংকঙৰ ষষ্ঠ শাষক ৰিচাৰ্ড মেকডোনেলৰ ইয়াত এটা
গ্ৰীষ্ম আবাস (Summer residence) ও আছিল। অঞ্চলটোৰ বিভিন্ন অঞ্চল চাবৰ সুবিধাৰ্থে ট্ৰাম
গাড়ীৰো ব্যৱস্থা আছে।
এটা কথা স্বীকাৰ্য্য যে চীন আৰু ভাৰতৰ সভ্যতাৰ মিশ্ৰণ দেখিবলৈ
পোৱা দেশখনে চীনৰ অধীনত থাকিও এক নিজস্ব স্বকীয়তা বৰ্তাই ৰাখি আৰ্থিকভাৱে যথেষ্ট
আগবাঢ়ি নিজকে বিশ্বৰ এক ব্যবসায়িক তথা উদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সমৰ্থ
হৈছে। এই আটাইবোৰৰ মাজত হেৰাই থাকিলোঁ কিছুদিন – আগলৈও হেৰাই থাকিম, হেৰোৱাৰ মজা
আছে। Saturday, 9 December 2017
অসমপ্ৰেমী কোৰিয়ান মহিলাগৰাকী
অসমপ্ৰেমী কোৰিয়ান মহিলাগৰাকী
সাত সাগৰ তেৰ নদীৰ সিপাৰৰ দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলা। অসমৰ সৈতে কোনো
প্ৰত্যক্ষ সম্পৰ্ক নাই তেখেতৰ। কিন্তু কেবাবছৰ ধৰি অসমৰ সংস্কৃতি, চাহ, সত্ৰ আদিকে
ধৰি বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা তথা অধ্যয়ন কৰি আহিছে তেখেতে। একাধিকবাৰ অসমলৈ আহি
বিভিন্ন তথ্যৰ সংগ্ৰহ কৰিছে। আনহে নালাগে, এই পৰ্য্যন্ত এই বিষয়বোৰৰ ওপৰত কোৰিয়ান
ভাষাত চাৰিখন কিতাপ লিখি প্ৰকাশো কৰি উলিয়াইছে তেখেতে।
তেখেতৰ সৈতে হোৱা প্ৰথম চিনাকি পৰ্বটো
প্ৰায় ছয় বছৰমান আগৰ। গুগুলত কিবা এটা বিচাৰি থাকোঁতে মাজুলীৰ লগত জড়িত লিংক এটা
পালোঁ। খুলি চাই দেখিলোঁ মাজুলী তথা অসমৰ চাহ বাগিছাৰ বিভিন্ন ফটো কিন্তু
বৰ্ণনাখিনি কোৰিয়ান ভাষাত। তেতিয়া
কোৰিয়ান ভাষা দুই এটা পঢ়িব পাৰিলেও ভালদৰে বুজি নোপোৱা বাবে বৰ্ণনাখিনি ভালদৰে
বুজিব পৰা নাছিলোঁ। দেখি কিন্তু খুবেই ভাল লাগিল; আচৰিতো লাগিল। অসমৰ বিষয়ে ইমান
বিতংকৈ জনা কোৰিয়ান কোন হ’ব পাৰে? বোধহয় কোনোবা সাংবাদিক। সেই ৱেবচাইটটো আচলতে আছিল
য়ংজা কিম (Youngja Kim) নামৰ লেখিকা
গৰাকীৰ ব্লগ। ব্লগটোতেই তেওঁৰ বিষয়ে কিছু তথ্য পাই ই-মেইল এখন কৰিলোঁ। সময়মতে
উত্তৰো পালোঁ। অৱশ্যে তেখেতৰ উত্তৰৰ বেছিখিনি কোৰিয়ানত থকা বাবে ভালদৰে বুজিব পৰা
নাছিলোঁ। সি যি কি নহওক, সেয়াই আছিল আৰম্ভনি। ক্ৰমাৎ তেখেতৰ সৈতে সম্পৰ্ক গাঢ় হৈ
এতিয়া তেখেত হৈ পৰিলগৈ “কিম জেঠাই”। এতিয়াও তেখেতক তেনেদৰেই সম্বোধন কৰোঁ। সময়ে
সময়ে বিভিন্ন তথ্যৰ বাবেও হওক বা বন্ধুত্বসুলভ স্বভাৱৰ বাবেই হওক, মাজে মাজে লগ
ধৰা হয় তেখেতক। তেখেতৰ ঘৰ চিউল (Seoul) তে হোৱা বাবে লগ কৰিবলৈও সুবিধা হয়। বিভিন্ন কথা প্ৰসংগত
তেখেতৰ মুখত অসমৰ চাহপাত, চাহ জনগোষ্ঠীৰ জীৱন ধাৰণৰ পদ্ধতি, সত্ৰসমূহৰ বিষয়ে
বিভিন্ন কথা, কেৱলীয়া ভকত, আহোম ৰাজবংশ আদিৰ দৰে বিভিন্ন কথাবোৰ লানি নিচিগাকৈ
শুনিবলৈ পাই আচৰিত লাগে।
এনেদৰে
বিভিন্ন সময়ত লগ পাওঁতে, কেতিয়াবা একেলগে বহি দুপৰীয়া এসাজ খোৱাৰ পৰত, কেতিয়াবা
ফোনত কোৱা কথাবোৰৰ মাজৰ কিছুমানকে সাঙুৰ খুৱাই তেখেতৰ বিষয়ে এটি থুলমূল ধাৰণা
দিয়াৰ প্ৰয়াস কৰা হৈছে।
১) প্ৰথম অসমৰ কথা কেনেকৈ জানিলে?
তেখেত প্ৰথম ভাৰত ভ্ৰমণলৈ গৈছিল ১৯৯৮ চনত – প্ৰধানকৈ যোৱা
ঠাইসমূহ আছিল দিল্লী, আগ্ৰা, জয়পুৰ, বাৰাণসী ইত্যাদি। তেতিয়ালৈকে তেখেতে অসমৰ নামো
শুনা নাছিল। আনকি বিদেশী পৰ্য্যটকৰ বাবে তৈয়াৰ কৰি উলিওৱা তেতিয়াৰ বিভিন্ন গাইডবুক
বিলাকতো হেনো উত্তৰ পূৰ্বাঞ্চলক এটি দুৰ্গম, আওহতীয়া ঠাইত অৱস্থিত অঞ্চল বুলি
বৰ্ণনা কৰাৰ উপৰিও উগ্ৰপন্থী তথা আন সমস্যাৰ বাবে পৰাপক্ষত ইয়ালৈ যাবলৈ বাৰণ কৰা
আছিল। ইন্টাৰনেটৰ প্ৰসাৰ নথকা বাবে কথাবোৰ বিতংকৈ জনাৰ আন উৎসও তেনেকৈ নাছিল। কেৱল
কাজিৰঙা অভয়াৰণ্য দৰ্শনৰ বাবেহে কিছু পৰ্য্যটক আহিছিল। কথাখিনি জানি চকু কঁপালত
উঠিল। যি কি নহওক, তেখেত দিল্লীত থকা কালচোৱাত শিৱসাগৰৰ পৰা মধুচন্দ্ৰিকা যাপনৰ
বাবে যোৱা এক নববিবাহিত অসমীয়া দম্পত্তীৰ সৈতে তেখেতৰ সাক্ষাৎ হয় আৰু তেওঁলোকৰ
মুখৰ পৰা প্ৰথম অসমৰ বিষয়ে জানিব পাৰে। ইতিমধ্যে তেওঁলোকৰ মাজত নাম-ঠিকনাৰ আদান
প্ৰদান হয় আৰু ঘূৰি অহাৰ পিছতো চিঠিৰে যোগাযোগ থাকে। বছৰেকত হেনো
এবাৰকৈ দুয়োপক্ষৰ মাজত চিঠি দিয়া-দি হৈছিল। ইতিমধ্যে ইন্টাৰনেটৰ প্ৰসাৰৰ পিছত
ই-মেইলেৰে যোগাযোগ ৰখাটো সম্ভৱপৰ হৈ পৰিল।
২) প্ৰথম অসম ভ্ৰমণ, তাৰ পিছৰ অনুভৱ আৰু প্ৰথমখন কিতাপ প্ৰকাশ:
সুদীৰ্ঘ দহ বছৰৰ পিছত ২০০৮ চনৰ মাৰ্চ মাহত তেওঁ অসম ভ্ৰমণলৈ আহি
সোণোৱাল উপাধিৰ শিৱসাগৰৰ সেই বিশেষ পৰিয়ালটোৰ তাতেই কিছুদিন আছিল। উজনি অসমত
ৰাস্তাৰ দুকাষে চকুৰে নমনালৈকে চাহবাগিছা দেখি অভিভূত হৈ পৰিছিল তেওঁ। ইমানেই
আকৰ্ষিত হৈছিল যে প্ৰায় এমাহ তেওঁ চাহ বাগিছাৰ বনুৱাসকলৰ লগত, তেওঁলোকৰ ঘৰত সম্পূৰ্ণভাৱে
তেওঁলোকৰ জীৱন শৈলী অনুকৰণ কৰি আছিল। পুৱা উঠি কিবা অলপ খাই বনুৱাসকলে পাত তুলিবলৈ
যাওঁতে তেওঁও একেলগে যায়, জমা হোৱা পাতবোৰ কাৰখানাত দি তাত কেনেদৰে পিছৰ কামখিনি
হয়গৈ তাৰো কিছু কাম পৰ্য্যবেক্ষন কৰে – এক কথাত এজন বনুৱাৰ ৰূপত তেখেতে তাত এমাহ
কটাইছিল। তেখেতৰ মতে মানুহখিনি দুখীয়া হ’লেও খুব সৰল মনৰ (Poor but pure minded)।
| প্ৰথম কিতাপখনৰ বেটুপাত |
এনেতে এমাহ পিছতে ৰঙালী
বিহু পালেহি। গছত নতুন কুঁহিপাত, কুলিৰ কাকলি, ৰংঘৰ বাকৰিত হোৱা বিহুৰ লগতে ঘৰে
ঘৰে মৰা হুচৰি ! এক সম্পূৰ্ণ নতুন তথা ভাললগা পৰিবেশৰ মাজত সোমাই পৰিছিল তেখেত। বিহুগীতৰ
তাল (Rhythm)ৰ লগত কোৰিয়াৰ
লোকসংগীত আৰিৰাং (Arirang) ৰ কিছু মিল
থকা যেন অনুভৱ কৰিছিল তেখেতে। স্থানীয় খাদ্যৰ (বিশেষকৈ জনগোষ্ঠীয় খাদ্যসমূহৰ)
কোৰিয়াৰ খাদ্যৰ লগতো কিছু মিল প্ৰত্যক্ষ কৰিছিল তেওঁ।
প্ৰায় দুমাহ অসমত কটাই কোৰিয়া ঘূৰি অহাৰ সময়লৈকে অসমৰ ওপৰত
কিতাপ লিখাৰ কোনো পৰিকল্পনা নাছিল তেওঁৰ। কিন্তু ক্ৰমাৎ মনৰ ভিৰতত উকমুকাই থকা
কথাবিলাক মানুহক জনোৱাৰ এক প্ৰৱল ইচ্ছাৰ বাবেই তেওঁৰ অসম ভ্ৰমণৰ অভিজ্ঞতাবোৰ
বিশেষকৈ চাহবাগানত কটোৱা দিনবোৰ তথা অসমৰ চাহৰ বিষয়ে বিতংকৈ লিখি এখন কিতাপ প্ৰকাশ
কৰি উলিয়ায় – নাম “আচ্চাম চ্চা চ্চা চ্চা”। কোৰিয়ান ভাষাত “চ্চা” মানে চাহ। মূল
শব্দটো চীনা ভাষাৰপৰা অহা। অৱশ্যে তেতিয়া কোৰিয়াত অসমৰ বিষয়ে জনা মানুহ আছিল তেনেই
তাকৰ। গতিকে কিতাপখনৰ বিক্ৰীও আশা কৰামতে নহ’ল। কিন্তু ক্ৰমাৎ মানুহে তেওঁৰ
কিতাপসমূহ আদৰি ল’বলৈ ল’লে আৰু আৰু এতিয়া তেখেত চাহপাতৰ ওপৰত হোৱা বিভিন্ন
ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ, চেমিনাৰ আদিলৈ আমন্ত্ৰিত হয় আৰু তাত অসমৰ
চাহৰ ওপৰত বিভিন্ন কথা বিশদভাৱে বৰ্ণনা কৰে।
৩) কিতাপ কেইখনৰ বিষয়ে থুলমূলকৈ:
অসমৰ বিষয়ে আৰু অধিক জনাৰ আগ্ৰহে বাৰে বাৰে
তেওঁক অসমলৈ
টানি আনিলে। প্ৰতিবাৰ অসম ভ্ৰমণতেই তেওঁ প্ৰায় তিনিমাহ সময় অসমত কটায় আৰু একোটা
নতুন বিষয়ৰ ওপৰত এখনকৈ নতুন কিতাপ প্ৰকাশ কৰি উলিয়ায়। থুলমূলকৈ
ক’বলৈ গ’লে কিতাপকেইখনৰ মূল কথাখিনি এনে ধৰণৰ:
টানি আনিলে। প্ৰতিবাৰ অসম ভ্ৰমণতেই তেওঁ প্ৰায় তিনিমাহ সময় অসমত কটায় আৰু একোটা
নতুন বিষয়ৰ ওপৰত এখনকৈ নতুন কিতাপ প্ৰকাশ কৰি উলিয়ায়। থুলমূলকৈ
ক’বলৈ গ’লে কিতাপকেইখনৰ মূল কথাখিনি এনে ধৰণৰ:
i) আচ্চাম চ্চা
চ্চা চ্চা:
মূলতঃ
চাহবাগিছাৰ লোকসকলৰ জীৱনশৈলীৰ ওপৰত কিতাপখন ৰচিত। চাহবাগিছাৰ
সৌন্দৰ্য্যই তেখেতক বাৰুকৈয়ে আকৃষ্ট কৰিছিল আৰু এই সৌন্দৰ্য্যক তেওঁ এখন
সেউজীয়া দলিচাৰ লগত ৰিজাইছে। কিতাপখনৰ প্ৰথমটো অধ্যায়ৰ নামেই হ’ল “ভগৱানৰ
দলিচাসদৃশ সৃষ্টি – চাহবাগিছাসমূহ”।
ii) ইন্দো আচ্চামএ চ্চোৱেসাগো মাজুলীএ প্পাজিধা (ভাৰতবৰ্ষৰ অসমৰ মাজুলীলৈ শৰতৰ
আগমন)
সৌন্দৰ্য্যই তেখেতক বাৰুকৈয়ে আকৃষ্ট কৰিছিল আৰু এই সৌন্দৰ্য্যক তেওঁ এখন
সেউজীয়া দলিচাৰ লগত ৰিজাইছে। কিতাপখনৰ প্ৰথমটো অধ্যায়ৰ নামেই হ’ল “ভগৱানৰ
দলিচাসদৃশ সৃষ্টি – চাহবাগিছাসমূহ”।
ii) ইন্দো আচ্চামএ চ্চোৱেসাগো মাজুলীএ প্পাজিধা (ভাৰতবৰ্ষৰ অসমৰ মাজুলীলৈ শৰতৰ
আগমন)
![]() |
| দ্বিতীয় কিতাপখন |
অসমৰ বিষয়ে লিখা এই দ্বিতীয় কিতাপখনৰ মাজুলীৰ বিভিন্ন তথ্য সন্নিবিষ্ট হৈছে। প্ৰথম অধ্যাটোত কেৱলীয়া ভকতৰ ওপৰত বিশদ বৰ্ণনা কৰা আছে। অধ্যায়টোৰ নাম ৰখা হৈছে “সৰগৰ পৰা নামি অহা সুঠাম যুৱকজন – কেৱলীয়া ভকত”। দ্বিতীয় অধ্যায়ত মাজুলীৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰ আৰু সত্ৰসমূহৰ বৰ্ণনা আছে। ইয়াৰ পিছত ক্ৰমে আপঙৰ প্ৰস্তুত প্ৰণালী, ৰঙালী বিহু আৰু মেখেলা চাদৰৰ ওপৰত বিশদভাৱে বৰ্ণনা কৰা আছে। এই তথ্যবোৰ বিতংভাৱে জানিবলৈ বহু স্থানীয় লোকৰ ঘৰত থাকি কথাবিলাকৰ পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলগীয়া হৈছিল। উল্লেখ্য যে কোৰিয়াৰ এবিধ স্থানীয় সুৰা “মাক্কলি” আৰু আপঙৰ সোৱাদ প্ৰায় একেই।
iii) তৃতীয় কিতাপখনৰ নামটো এটা কোৰিয়ান খণ্ডবাক্যৰ পৰা লোৱা হোৱা বাবে ইয়াৰ হুবহু অসমীয়া বা ইংৰাজী অনুবাদ কৰাটো কঠিন। ইয়াৰ থূলমূল অৰ্থটো এনে ধৰণৰ “কোনো এবিধ খাদ্যৰ সোৱাদ ইমানেই বেছি যে মুখৰ সোৱাদখিনিও যেন লৈ যাবৰ মন”। কিতাপখনত অসম আৰু আন ঠাইৰ চাহৰ তুলনা কৰা হৈছে। কিতাপখনৰ বাবে তথ্য সংগ্ৰহৰ বাবে তেখেতে মাৰ্ঘেৰিটাৰ প্ৰায় দহখন মান চাহ বাগিছালৈ গৈছিল। আনকি টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ পৰাও বহু তথ্য সংগ্ৰহ কৰিছিল।
iv)
সোংচ্চা ৰোড (The Tea Road): এই কিতাপখনত অসম চাহৰ ইতিহাসৰ বিষয়ে বৰ্ণনা কৰা আছে।
মনিৰাম দেৱান, ৰবাৰ্ট ব্ৰুছৰ পৰা কেনেদৰে আৰম্ভ হৈ এতিয়া কি পৰ্য্যায় পাইছে তাৰ
বিশদ বৰ্ণনা আছে ইয়াত। তাৰোপৰি CTC চাহ, স্বাস্থ্যত চাহৰ
প্ৰভাৱ আদিবোৰৰো বিৱৰণ দিয়া আছে।
অসমলৈ আহি হোৱা কেইটামান
তিতা-মিঠা অভিজ্ঞতা:
এবাৰ মাজুলীলৈ গৈ বানপানীৰ কবলত পৰিবলগীয়া হৈছিল তেওঁ। ঘৰৰ বাহিৰৰ
কথাতো বাদেই, ভিতৰতো একাঠু পানী। কোনোদিনেই বানপানী দেখিও নোপোৱা কাৰোবাৰ কাৰণে
এনেকুৱা এটা অভিজ্ঞতা কেনে কষ্টকৰ হ’ব পাৰে সহজেই অনুমেয়। অৱশ্যে এনে অৱস্থাতো
তেখেত থকা সত্ৰৰ গেষ্ট হাউচটোলৈ কেৱলীয়া ভকতৰ কেইজনমানে দৰকাৰী বস্তুবোৰৰ সময়মতে
যোগান ধৰি আছিল আৰু এই কথাটো তেখেতে এতিয়াও কৃতজ্ঞতাৰে সোঁৱৰে।
অসমৰ বিভিন্ন
পৰিস্থিতিবোৰ ভালদৰে বুজিবৰ বাবে কোনো ঠাইলৈ যাবলৈ যিমানদূৰ সম্ভৱ ভাড়া গাড়ী,
বাতানুকুল বাচ আদিৰ সলনি সাধাৰণ মানুহে ব্যৱহাৰ কৰা বাচ, ট্ৰেকাৰ আদিবোৰহে ব্যৱহাৰ
কৰে তেওঁ। এবাৰ এনেদৰে গৈ ৰাতিটো এঠাইত কটাই পিছদিনা আন
এঠাইলৈ বুলি যাবলৈ ওলাই দেখে দোকান-পোহাৰ, গাড়ী-মটৰ সকলো বন্ধ ! কোনোবা সংগঠনে
হেনো সেইদিনা “অসম বন্ধ” দিছিল। বহুপৰ তেখেতে বুজিবই পৰা নাছিল আচলতে কিনো হৈছে। বন্ধৰ
প্ৰভাৱ ইমানেই বেছি আছিল যে আনকি চাহ একাপ খাবলৈও দোকান এখন নাই। ভাষাৰ অসুবিধাৰ
বাবে মানুহক তেওঁৰ অসুবিধাখিনি ভালদৰে বুজাবও পৰা নাছিল তেওঁ। অৱশেষত অংগী ভংগীৰে
বুজোৱা কথাখিনি এঘৰ মানুহে বুজিলে, তেখেতক ঘৰলৈ নি শাকে-পাতে হ’লেও এসাজ খোৱাৰ
ব্যৱস্থা কৰি দি সন্ধিয়া বন্ধ শেষ হ’লত ক’ৰপৰা কেনেকৈ যাব লাগিব, ভালদৰে দেখুৱাই
থৈ আহিলগৈ।
আন এবাৰ চাহ বাগিছাৰ
মাজত ঘূৰি-ফুৰোঁতে হঠাতে সাপে খুটিলে তেখেতক। স্থানীয় মানুহখিনিয়ে বিভিন্ন প্ৰকাৰে
তেখেতক সা-শুশ্ৰুষা কৰি সুস্থ কৰি তুলিছিল।
জেতুকা গছৰ পাত বতি হাতত লগোৱাটো, গাই খীৰোৱা, পথাৰত
গৰু-ছাগলী চৰি থকা, মানুহে তেখেতক মাতি নি আপ্যায়িত কৰা আদিবোৰ আমাৰ বাবে সাধাৰণ
যেন লাগিলেও তেওঁৰ মতে এইবোৰো একো একোটা মনত থাকিবলগীয়া অভিজ্ঞতা। এনে ধৰণৰ অনেক
তিতা-মিঠা অভিজ্ঞতাৰে পুষ্ট তেখেতৰ কাহিনীবোৰ।
এদিন কথাৰ মাজত তেখেতে
ক’লে – “আচলতে অসমৰ বিষয়ে আমি নাজানো বুলি ভাবিছিলোঁ যদিও প্ৰাথমিক স্কুলত থাকোঁতে
পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই আচ্চাম (সাতভনী লগ হৈ হোৱা তেতিয়াৰ অসমখন)
বুলি পঢ়া মনত পৰে।” কিন্তু সেই “আচ্চাম” এই যে তেওঁ প্ৰায়ে গৈ থকা অসমখন, সেই
কথাটো তেওঁৰ বহুবছৰ পিছতহে হেনো মনলৈ আহিছিল। যিয়েই নহওক, তেখেতেই চাগে অসমৰ বিষয়ে
ইমান বিতং তথ্যাদি সন্নিবিষ্ট কৰি কোৰিয়ান ভাষাত কিতাপ লিখা প্ৰথম লেখিকা। তেখেতৰ
ভাষাতেই “I love and
respect Assam”। অসমীয়া ভালদৰে ক’ব নোৱাৰিলেও “কি খবৰ?” “লগ
পাই ভাল লাগিল”, “আকৌ লগ পাম” আদিৰ দৰে সৰু সৰু দুই এটা বাক্য তেখেতৰ মুখত শুনিবলৈ
পাওঁ। অসমৰ বিষয়ে আৰু বিতংকৈ জনাৰ আগ্ৰহ দেখিলে আচৰিত লাগে। চাহবাগিছাৰ বনুৱাসকলৰ
ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে বছৰি কিছু আৰ্থিক সাহাৰ্য্য দিয়াৰো পৰিকল্পনা আছে
তেওঁৰ। কেইবাবাৰো লগ পোৱাৰ অভিজ্ঞতাৰে এটা কথা নিশ্চয়কৈ ক’ব পাৰোঁ যে মানুহগৰাকী
তেনেই সৰলমনা আৰু মৰমীয়াল। আনকি কেতিয়াবা নিজহাতে এসাজ ৰান্ধিও খুউৱায়। তেখেতে
এইদৰেই কাম কৰি যাওক আৰু হৈ ৰওক মৰমৰ কোৰিয়ান “জেঠাই”জনী !
Saturday, 27 February 2016
মোহন ভাৱৰীয়াৰ গাঁওখনৰ কথাৰে
মোহন ভাৱৰীয়াৰ
গাঁওখনৰ কথাৰে
শুৱনি গছেৰে ভৰা
ডাল ভৰি ভৰি ফল ফুল লাগে
কত পাওঁ তলসৰা।”
কবিৰ
কল্পনাৰ দৰে শুৱনি নহ’লেও আন বহুতো সৰু সৰু কথাই শুৱনি কৰিছে গাঁৱখনক। নলবাৰী
জিলাৰ অন্তৰ্গত এখনি সৰু গাঁৱ। নামটো নিশ্চয় বহুতৰেই পৰিচিত – কৈহাটী। কামৰূপীয়া
ঢুলীয়াৰ অংশবিশেষ “কৈহাটীৰ ঢুলীয়া”ৰ বাবে, বিশেষকৈ মোহন ভাৱৰীয়াৰ নামটোৰ বাবেই
চাগে গাঁৱখন কিছু হ’লেও জনাজাত। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ সমাজত কৃষ্টি-সংস্কৃতি,
নৃত্য-গীত, গল্প-উপন্যাস, চলচিত্ৰ আদিৰ দৰে বিষয়বোৰে যিদৰে এক বিশেষ স্থান দখল
কৰিবলৈ সমৰ্থ হয় তথা এইবোৰৰ লগত জড়িত ব্যক্তিসকলে যিদৰে সহজেই জনমানসত থিতাপি লয়, সমানেই
গুৰুত্বপূৰ্ণ আন কেতবোৰ বিষয় কিন্তু সকলোৰে অলক্ষিতে হেৰাই যায়। এনেকুৱাই হৈছিল এই
কৈহাটী গাঁৱখনৰ ক্ষেত্ৰতো।
গাঁৱখনৰ
নামটোৰ উৎপত্তিৰ ক্ষেত্ৰত প্ৰৱাদ আছে যে দেশ পৰিভ্ৰমণৰ সময়ত কোনো
এজন আহোম ৰজাই হেনো এবাৰ কৈহাটীলৈ আহি বাট হেৰুৱাই “হাটী কৈ, হাটী কৈ” বুলি বাট বিচাৰি
ফুৰিবলগীয়াত পৰিছিল আৰু এই ‘হাটী কৈ’ ৰ পৰাই পিছলৈ ‘কৈহাটী’ নামটোৰ উৎপত্তি হয়।
এতিয়া আহিছোঁ
গাঁৱখনৰ লগত জড়িত এনে কেতবোৰ সৰু সৰু তথা গুৰুত্বপূৰ্ণ বিষয়লৈ যিবোৰৰ বাবে এক
সুদীৰ্ঘ সময়জুৰি গাঁৱখন হৈ ৰৈছিল উদ্ভাসিত-আলোকিত।
শ্ৰী শ্ৰী হৰিদেৱৰ সত্ৰ:
অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাটকটীয়া চাৰিজনা ধৰ্মগুৰুৰ ভিতৰত মহাপুৰুষ শ্ৰী
শ্ৰী হৰিদেৱ অন্যতম। তেখেতৰ প্ৰধান শিষ্য আছিল চাৰিজন – হৰিচৰণদেৱ, জগন্নাথ দেৱ,
নাৰায়ণ দেৱ আৰু যদুমণি দেৱ। কৈহাটী
সত্ৰ স্থাপন কৰিছিল হৰিচৰণদেৱৰ পুত্ৰ বিষ্ণুভাৰতীদেৱে। পিছলৈ
বিষ্ণুভাৰতীদেৱৰ
দুই পুত্ৰ নাৰায়ণ মিশ্ৰ আৰু অনন্ত মিশ্ৰৰ দুয়োৱে গাঁৱখন দুই মূৰত এটাকৈ নামঘৰ সাজি
পূজা-অৰ্চনা কৰিবলৈ লোৱাৰ বাবেই জ্যেষ্ঠজনে স্থাপন কৰা নামঘৰটোৰ ফালৰ অংশটো “বৰ
কৈহাটী” আৰু আনটো অংশ “সৰু কৈহাটী” নামেৰে জনাজাত হৈ পৰিল। দৰাচলতে কিন্তু গাঁৱ
এখনেই – এই দুটা প্ৰকৃততে দুটা চুবুৰীহে; দুখন বেলেগ গাঁৱ নহয়। পিছলৈ কোনো ৰজাই এই
সত্ৰৰ নামত গাঁৱৰ মাটিখিনি দান কৰিছিল। গাঁৱৰ বেছিভাগ মানুহেই ব্ৰাহ্মণ (গোস্বামী উপাধিৰ)।
এই গোস্বামী উপাধিৰ লোকসকলৰ বেছিভাগেই শ্ৰী শ্ৰী
হৰিদেৱৰ বাণীসমূহ স্থানীয় লোকৰ লগতে আন দূৰ দূৰণিৰ লোকৰ মাজতো প্ৰচাৰ কৰিছিল। এনে
কেইজনমান লোকে সময়ে সময়ে কেইটামান নিৰ্দ্দিষ্ট পৰিয়ালৰ ঘৰে ঘৰে গৈ তেওঁলোকক ধৰ্মজ্ঞান
দিছিল আৰু সেই পৰিয়ালকেইটাই ব্যক্তিজনক গুৰুসদৃশ জ্ঞান কৰিছিল। সেইবাবেই বোধহয়
এই প্ৰথাটোক স্থানীয় লোকসকলে ‘শিষ্য শৰণ কৰোৱা’ বুলি কয়। এই প্ৰথা বৰ্তমানো
সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাই। ইয়াৰ বিনিময়ত তেওঁলোকে সেই
পৰিয়ালবোৰৰ পৰা দক্ষিণা হিচাবে কিছু ধন বা খেতি-বাতিত উৎপন্ন হোৱা ধান, শাক-পাচলি
ইত্যাদি লাভ কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল।
শ্ৰী শ্ৰী হৰিদেৱৰ সত্ৰ হোৱা হেতুকেই গাঁৱখনত গুৰুজনাৰ
তিথি তিনিদিনীয়াকৈ অতি ধুমধামেৰে পালন কৰা হয়। তিথিৰ আগদিনাখনক স্থানীয় ভাষাত ‘গন্ধ’
বোলে। সেইদিনাখন গাঁৱবাসীয়ে স্থানীয় গোঁসাইঘৰত চাকি-বন্তি জ্বলাই সকলোৰে মঙ্গল
কামনা কৰে। প্ৰতিজন লোকৰ নামতে এগছিকৈ চাকি জ্বলোৱাটো এটা নিয়ম।
![]() |
| সৰু কৈহাটী নামঘৰৰ ভিতৰভাগ |
সংস্কৃত চৰ্চা:
সংস্কৃত ভাষাক দেৱভাষা বুলি কোৱা
হয়। ভাৰতৰ আটাইবোৰ ধৰ্মগ্ৰন্থই এই ভাষাতেই ৰচিত। আনহে নালাগে, ইংৰাজ অহাৰ আগলৈকে
ভাৰতবৰ্ষৰ শিক্ষাৰ মাধ্যমো আছিল সংস্কৃত। এইটোৱেই হেনো পৃথিৱীৰ সৰ্বাধিক
শব্দভাণ্ডাৰ তথা নিখুঁত ব্যাকৰণেৰে সজ্জিত ভাষাও য’ত মহৰ্ষি পাণিণিৰ সময়ৰ পৰা এতিয়ালৈকে
এটাও ব্যাকৰণৰ নিয়ম সালসলনি কৰিবলগীয়া হোৱা নাই।
মহাপুৰুষ শ্ৰী
শ্ৰী হৰিদেৱ তথা তেওঁৰ পূৰ্বপুৰুষসকল বেদজ্ঞ পণ্ডিত আছিল হেতুকেই সংস্কৃত ভাষা
চৰ্চাই কৈহাটী সত্ৰকো চুই গৈছিল। গুৰুজনাৰ পূৰ্বপুৰুষ নৰোত্তম দ্বিজ কনৌজৰ অধিবাসী
বেদজ্ঞ ব্ৰাহ্মণ আছিল। পিছত তেওঁ অসমলৈ আহি অশ্বক্লান্তত এখন টোল স্থাপন কৰি
সংস্কৃত পঢ়াইছিল। অশ্বক্লান্ততেই গুৰুজনাৰ পিতৃ দ্বিজ অজনাভেও টোলত অধ্যাপনা
কৰিছিল। শ্ৰী শ্ৰী হৰিদেৱৰ মূখ্য শিষ্য হৰিচৰণদেৱ আৰু তেওঁৰ পো-নাতিসকলো সংস্কৃত
পণ্ডিত আছিল। সেই সময়ত ভাৰতৰ শিক্ষাৰ মাধ্যম আছিল সংস্কৃত আৰু এই ভাষা নজনাকৈ
ভাগৱত শাস্ত্ৰ পঢ়ি শিষ্যসকলক ধৰ্মজ্ঞান দিয়াটো আছিল একেবাৰেই অসম্ভৱ।
কৈহাটী সত্ৰত
সংস্কৃত চৰ্চাৰ প্ৰথম প্ৰমাণ পোৱা যায় সংস্কৃত নাট ‘ধৰ্মোদয়’ৰ পৰা। নাটখন ৰচনা
কৰিছিল অনন্ত মিশ্ৰৰ পুত্ৰ কৃষ্ণকান্তৰ নাতিয়েক ধৰ্মদেৱ গোস্বামীয়ে। ড° সত্যেন্দ্ৰনাথ
শৰ্মাৰ “প্ৰাচীন অসমত সংস্কৃত চৰ্চাৰ থুলমূল আভাষ” প্ৰৱন্ধটোত উল্লেখ থকা মতে
নাটকখন আছিল এক ঐতিহাসিক পটভূমিত ৰচিত পাঁচ অঙ্কীয়া সংস্কৃত নাটক। পটভূমি আছিল
স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত (১৭৬৮-১৭৮০) হোৱা মোৱামৰীয়া বিদ্ৰোহ। যুঁজখনত প্ৰথমতে
আহোমৰ পৰাজয় হৈছিল যদিও পিছত পুনৰ আক্ৰমণ কৰি তেওঁলোকে জয়লাভ কৰে। নাটখনত অধৰ্মৰ
পতন আৰু ধৰ্মৰ অভ্যুদয়ক দেখুওৱা হৈছে। ড° শৰ্মাদেৱে প্ৰৱন্ধটোত উল্লেখ কৰা মতে নাটখনৰ প্ৰথম অঙ্কৰ
শেষ শ্লোকটো আছিল এনে ধৰণৰ –
নমঃ কম্ৰপদাম্বুজে ভগৱতঃ শ্ৰীধৰ্মদেৱঃ কবিঃ
যং সুতে কমলাপ্ৰিয়া ভগৱতী সংশুদ্ধবংশোদ্ভবা।
লক্ষ্মীসিংহ নৰেশ্বৰস্য চৰিতে ধৰ্মোদয়ে নাটকে
১৯৫৯ চনৰ অসম সাহিত্য সভাৰ সভাপতি অতুলচন্দ্ৰ হাজৰিকাদেৱে তেখেতৰ ভাষণত
এই নাটখন স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত লিখা বুলি উল্লেখ কৰিছিল যদিও ওপৰোক্ত
শ্লোকটোৰ পৰা এইখন লক্ষ্মীনাথ সিংহৰ দিনতহে লিখা হৈছিল বুলি স্পষ্ট হয়। নাটখনৰ মূল
পাণ্ডুলিপিটো লণ্ডনৰ “ইণ্ডিয়া হাউচ”ত সংৰক্ষণ কৰি ৰখা হৈছে। এই নাটখনেই কৈহাটী
সত্ৰত সংস্কৃত ভাষা চৰ্চাৰ প্ৰথম ঐতিহাসিক প্ৰমাণ।
উনবিংশ শতিকাৰ
দ্বিতীয়াৰ্দ্ধত হংসধৰ গোস্বামী স্মৃতিৰত্ন বিদ্যাৰত্ন দেৱে কৈহাটীত এখন সংস্কৃত
টোল স্থাপন কৰিছিল। তেতিয়া টোলসমূহ গুৰুকুল পদ্ধতিৰ আছিল অৰ্থাৎ অধ্যাপকৰ ঘৰতে
পঢ়াশালি আৰু ছাত্ৰাবাস আছিল। নিজৰ খোৱা-লোৱাৰ খৰছ বহন কৰিব নোৱাৰা ছাত্ৰসকলে
গুৰুগৃহতে খোৱা-বোৱা কৰিছিল আৰু তাৰ বিনিময়ত তেওঁলোকে গুৰুগৃহৰ যাৱতীয় কাম-কাজত সহায়
কৰি দিছিল। অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ এই টোলত অধ্যয়নৰ বাবে গৈছিল বুলি জনা যায়। টোলসমূহত অৱশ্যে কোনো নিদ্দিষ্ট পাঠ্যক্ৰম বা নিয়মীয়া পৰীক্ষা পদ্ধতি
নাছিল। শিক্ষাৰ উদ্দেশ্য আছিল সু চৰিত্ৰসম্পন্ন ব্যক্তিৰ গঢ় দিয়া। এওঁলোকৰ মাজত
কিছুমানক আদৰ্শ শিক্ষক আৰু আন কিছুমানক মাঙ্গলিক কাম-কাজত পণ্ডিত কৰি তুলি সমাজত
শুদ্ধাচাৰ প্ৰচাৰ কৰাই আছিল টোলসমূহৰ প্ৰধান উদ্দেশ্য। টোলৰ শিক্ষক অৰ্থাৎ গুৰুজনে পাঠদানৰ সময়তে ছাত্ৰসকলৰ প্ৰতিভাৰ বুজ
লৈছিল আৰু মাজে-সময়ে ছাত্ৰসকলৰ জ্ঞানৰ পৰীক্ষাও লৈছিল। ১৯২৬ চনত ‘অসম সংস্কৃত
বোৰ্ড’ গঠন হোৱাৰ পিছৰেপৰা নিয়মিতভাৱে আদ্য, মধ্য আৰু উপাধি – এই তিনিটা
পাঠ্যক্ৰমত পৰীক্ষা লোৱা প্ৰথা প্ৰচলন কৰা হয়। বোৰ্ড গঠন হোৱাৰ সময়লৈকে টোলৰ
অধ্যাপকসকলে কোনো মাহিলী দৰমহা পোৱা নাছিল। আনকি বোৰ্ড গঠন হোৱাৰ পিছতো ছাত্ৰই
পৰীক্ষা পাছ কৰাৰ ওপৰত ভিত্তি কৰিহে মাহিলী তিনি টকাৰপৰা আঠ টকালৈ বেতন হিচাপে তেওঁলোকক
দিয়া হৈছিল। ছাত্ৰসকলে গুৰুক কোনো দক্ষিণা দিব নালাগিছিল।
চ’ত মাহৰ প্ৰথম
দিনটোৰ পৰা ছাত্ৰসকলে ৬-৭ জনৰ একো একোটা সৰু সৰু গোটত বিভক্ত হৈ মানুহৰ ঘৰে ঘৰে গৈ
সুমধুৰ সুৰেৰে আশীৰ্বাদসূচক শ্লোক গাই ফুৰিছিল আৰু ঘৰৰ গৃহস্থই সামৰ্থ অনুযায়ী
তেওঁলোকক দক্ষিণা দি সেৱা জনাই বিদায় দিছিল। সাত দিন এইদৰে কটাই অষ্টম দিনাখন উভতি
আহি দুপৰীয়াৰ সাজ গুৰুৰ ঘৰত খাই আবেলি চোতালত পীৰা পাৰি গুৰুক আসনত বহুৱাই সংগৃহীত
ধনখিনি গুৰুৰ চৰণত অৰ্পণ কৰি আশীৰ্বাদ লৈছিল। এই প্ৰথাটো “চ’ত ফুৰা” নামেৰে জনাজাত
আছিল। চ’ত ফুৰা সময়ত ছাত্ৰসকলে গোৱা এটি শ্লোক এনে ধৰণৰ:
নিবস্তু তব গৃহে
নিশ্চলা সিন্ধুপুত্ৰী
প্ৰৱিশিত ভূজ যুগ্মে
চণ্ডিকা বৈৰহন্ত্ৰী।
বিকসতু মুখ
পদ্মে ভাৰতী শুভ্ৰকান্তী
নচলতু তব চিত্তং
পাদপদ্মাণ্মুৰাৰেঃ ।।
অৰ্থাৎ “আপোনাৰ ঘৰত লক্ষ্মীদেৱীৰ
স্থায়ী নিবাস হওক, আপোনাৰ বাহুত বৈৰীনাশিনী চণ্ডিকা দেৱী প্ৰৱেশ কৰক, পদুম ফুলৰ
দৰে সুন্দৰ আপোনাৰ মুখমণ্ডলত সৰস্বতী দেৱী বিৰাজ কৰক আৰু আপোনাৰ চিত্ত মুৰাৰীৰ
পাদপদ্মৰ পৰা কেতিয়াও আঁতৰি নাযাওক।”
আয়ুৰ্বেদ চৰ্চা:
ভাৰতত অতীজৰে পৰা চলি অহা এটি
বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি আয়ুৰ্বেদ।
ইয়াৰ বিষয়ে নিশ্চয় নকৈ বঢ়াই কোৱাৰ প্ৰয়োজন নাই। উনৈশ শতিকাৰ মাজভাগৰ পৰা
কুৰি শতিকাৰ মাজভাগলৈ কৈহাটী গাঁৱত নিয়মিত এই আয়ুৰ্বেদ শাস্ত্ৰৰ চৰ্চা হৈছিল।
এইখিনি সময়ক কৈহাটীৰ আয়ুৰ্বেদ চৰ্চাৰ সোণালী যুগ বুলি ক’ব পাৰি। গাঁৱৰ থকা
কেইজনমান আয়ুৰ্বেদ বিশাৰদৰ চিকিৎসাই গাঁৱখনৰ পৰিধি ভাঙি সৰুক্ষেত্ৰী, বৰক্ষেত্ৰী,
বাঁহজানী, ধৰ্মপুৰ আদিলৈকে প্ৰসাৰ লাভ কৰিছিল। উপযুক্ত তথা দক্ষ চিকিৎসকৰ অভাৱ,
কবিৰাজসকলে আপোনজন বুলি জ্ঞান কৰি কৰা চিকিৎসা তথা তেওঁলোকৰ নূন্যতম মাননিৰ বাবেই
বোধহয় সেই সময়ত এই কবিৰাজী চিকিৎসা পদ্ধতিয়ে জনপ্ৰিয়তা লাভ কৰিছিল। অৱশ্যে এই
চৰ্চা সত্ৰৰ গোঁসাই (গোস্বামী উপাধিৰ লোকসকল) ৰ মাজতে সীমাবদ্ধ আছিল বুলি ক’ব পাৰি। চিকিৎসকসকল নাড়ীজ্ঞান, দ্ৰব্যগুণ আৰু শৰীৰ চৰ্চা – এই তিনিওটা বিষয়তে
পাৰ্গত আছিল।
কৈহাটীত
আয়ুৰ্বেদ চৰ্চাৰ পাতনি মেলিছিল স্বৰ্গীয় ভূধৰ গোস্বামীয়ে। আয়ুৰ্বেদ চৰ্চাৰ
লগতে তেখেতে বেজালিও কৰিছিল দেখি
গাঁৱবাসীৰ মাজত ‘ওজা গোঁসাই’ নামে পৰিচিত আছিল। আন কেইগৰাকীমান নামজ্বলা কবিৰাজ
হ’ল ৺ অমৃত নাৰায়ণ
গোস্বামী ওৰফে মেম্বৰ গোঁসাই, ৺ বসুদেৱ
গোস্বামী ওৰফে বসু গোঁসাই, ৺ ৰজত
চন্দ্ৰ গোস্বামী, ৺ বেণুধৰ
গোস্বামী ওৰফে মলু গোঁসাই, ৺
দীনবন্ধু দেৱ গোস্বামী ওৰফে ডাক্তৰ গোঁসাই, ৺ নৰনাৰায়ণ গোস্বামী ইত্যাদি। ইয়াৰে আটাইকেইজনৰে মূল
কবিৰাজী বিদ্যাত ব্যুৎপত্তি থকাৰ উপৰিও প্ৰতিগৰাকীয়েই এক বিশেষ বিশেষ ৰোগ বা
চিকিৎসা পদ্ধতিৰ বিশাৰদস্বৰূপ আছিল। উদাহৰণস্বৰূপে অমৃত নাৰায়ণ গোস্বামীদেৱৰ এক
বিশেষ চিকিৎসা পদ্ধতি আছিল – মূমূৰ্ষু অৱস্থাৰ ৰোগীৰ ক্ষেত্ৰত ৰোগীৰ তালু ফুটাই
সাপৰ বিষৰ পৰা প্ৰস্তুত কৰা এবিধ বিশেষ ঔষধ তাত প্ৰয়োগ কৰি কৰা চিকিৎসা। আনহাতে
বসুদেৱ গোস্বামী আছিল শিশুৰোগত সিদ্ধহস্ত। ৰোগীৰ নাড়ীস্পন্দন পৰীক্ষা কৰি ৰোগীয়ে
খোৱা অপথ্যৰ বিষয়ে জানিব পৰাটো আছিল তেখেতৰ আন এক গুণ। একেদৰে ৰজত গোস্বামী
বিখ্যাত আছিল মানসিক ৰোগৰ চিকিৎসাৰ বাবে।
নিজৰ ঠাইখনক
কোনোৱে কিমান ভাল পাব পাৰে তাৰ এটা উদাহৰণ হ’ল নৰনাৰায়ণ গোস্বামীদেৱ। নৱম শ্ৰেণীত থাকোঁতে পঢ়াশুনা কাতি কৰি থৈ বঙ্গীয় সংস্কৃত পৰিষদৰ অধীনত
সাংখ্য আৰু ব্যাকৰণৰ উপাধি লাভ কৰিছিল তেওঁ। তাৰপিছত কলিকতালৈ গৈ তাত আঠ বছৰ অধ্যয়ন কৰি
শ্যামাদাস বৈদ্যশাস্ত্ৰ পীঠৰ পৰা দ্বিতীয় স্থান লাভ কৰি বৈদ্যশাস্ত্ৰী উপাধি লাভ
কৰে। অধ্যয়ন সমাপ্ত কৰিও কোনো উচ্চপদ বা চাকৰিৰ আশা নকৰি তেওঁ নিজ গাঁৱলৈ ঘূৰি আহি
চিকিৎসা আৰম্ভ কৰে। গুৱাহাটীত আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন হোৱাৰ সময়ত তেখেতক তাৰ
উপাধ্যক্ষৰ পদত অধিস্থিত কৰা হৈছিল। কিন্তু এই চাকৰি ইস্তফা দি তেওঁ নলবাৰীলৈ ঘূৰি
গৈ চিকিৎসাসেৱা অব্যাহত ৰাখে।
জাতীয়তাবাদ মানে
আমি কি বুজোঁ বাৰু? নিজৰ দেশ, ৰাজ্য, গাঁৱ বা লোকসকলৰ প্ৰতি মৰম বা ভালপোৱাই
জাতীয়তাবাদ নহয় জানো? সততে ৰাজপথত শ্লোগান দি বা আন্দোলন কৰি সাব্যস্ত কৰিব বিচৰা
জাতীয়তাবাদৰ তুলনাত চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰি এনেদৰে নিজৰ অঞ্চলটোৰ লোকসকলৰ
সেৱাত ব্ৰতী হোৱাটোহে প্ৰকৃত জাতীয়তাবাদ যেন বোধ হয়।
কৈহাটীৰ ঢুলীয়া:
ঢুলীয়াৰ কথা উল্লেখ নকৰিলে কৈহাটীৰ কাহিনীটো নিশ্চয়কৈ আধৰুৱা হৈ ৰ’ব। কৈহাটীৰ ঢুলীয়া কামৰূপীয়া
ঢুলীয়াৰ অংশবিশেষ। গাঁৱৰ স্থানীয় ভাষাত ঢুলীয়াক “ভাইৰা” বোলা হয়।
বিংশ শতিকাত অসমত প্ৰায় ৩০ টা বিভিন্ন ঢুলীয়াৰ দল
আছিল বুলি প্ৰবাদ আছে। এইবোৰৰ ভিতৰত বিখ্যাত আৰু জনপ্ৰিয় আছিল কৈহাটীৰ ঢুলীয়া।
আন কেইটামান জনপ্ৰিয় ঢুলীয়াৰ দল হ’ল বালিলেচা, অগ্নিশাল,
ডিমৰীয়া, চান্দুকুছি, বৰ্ণি
ইত্যাদি। এই ঢুলীয়াসকলে প্ৰধানতঃ পুৰণি আখ্যানসমূহ আৰু লগতে আন আন সামাজিক বা আৰ্থসামাজিক
ঘটনাসমূহ ব্যঙ্গৰূপত পৰিবেশন কৰি ৰাইজক হাঁহিৰ খোৰাক যোগায়। তাৰোপৰি তেওঁলোকে আন
আন ধেমেলীয়া অভিনয়ো কৰে।
ঢুলীয়া শব্দটো আহিছে ঢোল শব্দটোৰ পৰা। ঢুলীয়াসকলৰ
প্ৰধান সাংগিতিক আহিলা হ’ল ঢোল। ঢুলীয়া
দলটোত প্ৰধান ভাৱৰীয়াজনক সহায় কৰাকৈ দুজন সহযোগী আৰু এজন সূত্ৰধাৰ থাকে।
সূত্ৰধাৰজনে ভাৱৰীয়াসকলৰ পৰিচয় কৰাই দিয়াৰ লগতে কাহিনীটোৰ আঁত ধৰি যায়।
বেছিভাগ ঢুলীয়াৰেই সংলাপসমূহৰ কোনো লিখিত ৰূপ নাথাকে। তেওঁলোকৰ ইজনে সিজনৰ লগত
তাৎক্ষাণিক ভাবে কৰিব পৰা মনঃসংযোগ আৰু উপস্থিত বুদ্ধি প্ৰয়োগৰ দ্বাৰাই এই
অভিনয়সমূহ কৰে। ৰূপসজ্জাৰ বাবে তেওঁলোকে স্থানীয় গছ-গছনিৰ পাতৰ পৰা তৈয়াৰী ৰং, চাউলগুৰি আদি;
দাড়ি-মোচৰ বাবে আটা বা ময়দাৰ লেপন, আৰু
সাজ-সজ্জাৰ বাবে খেৰকুটা বা আন তেনে ধৰণৰ বস্তুহে ব্যৱহাৰ কৰিছিল।
কৈহাটীৰ জনপ্ৰিয় ঢুলীয়া মোহন ভাৱৰীয়া (প্ৰকৃত নাম
মোহন চন্দ্ৰ বৰ্মন) আৰু নিততি ভাৱৰীয়া (প্ৰকৃত নাম নিততি ভৰালী)ৰ নাম নুশুনা লোক
চাগে খুব কমেই ওলাব। তীব্ৰ আৰ্থিক দৈন্যৰ মাজত পেটত গামোচা বান্ধি হ’লেও ঢুলীয়া
সংস্কৃতিক এক উচ্চ শিখৰলৈ নিবলৈ আহোপুৰুষাৰ্থ কৰিছিল মোহন-নিততি আৰু তেওঁলোকৰ
সহযোগীসকলে। বিভিন্ন খুহুতীয়া কথা তথা ঢোল বাদনৰ অভূতপূৰ্ব শৈলীৰে কৈহাটীৰ লগতে
গোটেই ভাৰতবৰ্ষতেই ঝংকাৰ তুলিছিল এওঁলোকে। ২০০০ চনত মোহন ভাৱৰীয়াৰ জীৱনক লৈ পৰিচালক হেমন্ত দাসে নিৰ্মাণ
কৰি উলিওৱা “কৈহাটীৰ ঢুলীয়া” চলচিত্ৰখনে নতুন দিল্লীত অনুষ্ঠিত ৪৭ তম
আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ নৃতত্ব শিতানত ৰজত কমল বঁটা লাভ কৰিছিল।
![]() |
| মোহন ভাৱৰীয়া |
ওজাপালি:
প্ৰাক-শঙ্কৰী যুগৰপৰাই অসমত
ওজাপালি প্ৰচলিত হৈ অহা বুলি প্ৰবাদ আছে। ‘ওজা’ শব্দটো গুৰু অৰ্থত আৰু ‘পালি’
শব্দটো শিষ্য বা সহকাৰী অৰ্থত ব্যৱহৃত হয়। ওজাই পালিৰ সহযোগত পৰিবেশন কৰা
নৃত্য-গীত সম্বলিত অনুষ্ঠানেই ওজাপালি। এজন ওজা আৰু পাঁচ-ছয়জন পালিৰদ্বাৰা এটা
ওজাপালিৰ দল গঠিত হয়। ওজাজনে ‘দিহা’ৰে আৰম্ভ কৰা কোনো এটা পৌৰাণিক কাহিনী বা
আখ্যান বিভিন্ন ৰাগত গায় আৰু হাতৰ বিভিন্ন মুদ্ৰা প্ৰদৰ্শন কৰি নৃত্য কৰে।
পালিসকলে সেই গীতটি ওজাৰ লগে লগে দোহাৰি যায়। পালিসকলৰ মুখ্য পালিজনক ‘ডাইনা পালি’
বোলে।
কৈহাটীত
ওজাপালিৰ আৰম্ভনি প্ৰায় ৮০/৯০ বছৰ আগতে হোৱা বুলি ক’ব পাৰি। কৈহাটীৰ কাষৰ বেলশৰ
গাঁৱৰ ৺ নৰোৰাম ওজাৰ
গীত-পদ, নৃত্য আদি দেখি তেওঁলোকৰ অনুকৰণত কৈহাটীতো কেইটামান দল গঢ়ি উঠিছিল। এই
দলসমূহে কামৰূপ, গোৱালপাৰা আৰু দৰং জিলাত ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল। কেইজনমান
জনপ্ৰিয় ওজা হ’ল ধাতুৰাম ৰাজবংশী (ধাতু ওজা নামে পৰিচিত), সণোৰাম বৰ্মন (সণো ওজা)
আদি।
মৃৎ শিল্প:
কৈহাটী গাঁৱৰ প্ৰধানতঃ হীৰা
সম্প্ৰদায়ৰ লোকসকল মৃৎ শিল্পৰ লগত জড়িত। ইয়াৰ প্ৰধান কেঁচামাল হ’ল হীৰা মাটি। বিভিন্ন
নিত্য ব্যৱহাৰ্য্য সামগ্ৰী যেনে কলহ, চাকি, ধুনাদানি আদিৰ উপৰিও চালে চকুৰোৱা
পুতলা, শৰাই, বঁটা আদি তৈয়াৰ কৰি উলিয়ায় এই শিল্পীসকলে। তাৰোপৰি এওঁলোকে
মাটিৰদ্বাৰা “শিকাৰ” নামৰ এবিধ বিশেষ খাদ্য তৈয়াৰ কৰে। এই খাদ্যবিধ গৰ্ভৱতী
তিৰোতাক খাবলৈ দিয়া হয়। তেওঁলোকৰ মতে শিকাৰ ভিজোৱা পানী খালে বায়ুচৰা ৰোগৰ পৰাও
আৰোগ্য লাভ কৰিব পাৰি।
এই
শিল্পীসকলৰ এটা প্ৰধান উৎসৱ হ’ল পুতলা বিয়া। বহাগ বিহুৰ দ্বিতীয় দিনা এই উৎসৱ পালন
কৰা হয়। বেলেগ বেলেগ দুঘৰ মানুহৰ এঘৰত মাটিৰে সজা পুতলা দৰা আৰু আনঘৰত মাটিৰ কইনা
সজাই হিন্দুসকলৰ বিবাহ পদ্ধতিৰে এই বিবাহ সম্পন্ন কৰা হয় আৰু বহাগ বিহুৰ শেষৰ দিনা
এই বিবাহ সমাপ্ত কৰা হয়।
কিছু ব্যক্তিগত
অনুভৱ:
ব্ৰাহ্মণ-গোঁসাই, হীৰা আদিৰ দৰে কথাবোৰ
ওলালেই সততে উচ্চাৰিত হৈ থকা জাতিভেদ বা উচ্চ-নীচৰ ছবিখনহে প্ৰথমতে মনলৈ আহে।
কিন্তু ক্ষন্তেকৰ বাবে হ’লেও এই ছবিখন মনৰ পৰা আঁতৰাই আন এক দৃষ্টিকোণৰ পৰাও
কথাখিনি চাব পাৰি। সেয়া হ’ল – কৰ্মবিভাজন। এটা পুখুৰীত এবিধ মাত্ৰ মাছৰ পোণা
দিয়াতকৈ তিনিবিধ বেলেগ বেলেগ মাছৰ পোণা এনেদৰে দিব পাৰি যাতে এবিধে পুখুৰীটোৰ ওপৰৰ
স্তৰৰ খাদ্য খায়, আনবিধে মাজৰ স্তৰৰ আৰু শেষৰবিধে তলৰ স্তৰৰ। ফলত সিহঁতৰ মাজত
খাদ্যৰ বাবে কেতিয়াও অৰিয়াঅৰি নহ’ব আৰু মাছৰ উৎপাদনো বাঢ়িব। কিন্তু তাৰমানেই ওপৰৰ স্তৰৰ মাছবিধক উৎকৃষ্ট
আৰু তলৰবিধক নিকৃষ্ট বুলি বিবেচনা কৰিব নোৱাৰি। একেদৰে এই গাঁৱখনৰ বিভিন্ন লোকসকলো বেলেগ বেলেগ কামত জড়িত হৈ থকাৰ
বাবেই বোধহয় কামৰ বাবে কাৰো মাজত অৰিয়াঅৰি, কাজিয়া-পেচাল হোৱাৰ ঘটনা এতিয়ালৈকে ঘটা
নাই। তাৰোপৰি বিভিন্ন লোকসকলে পালন কৰা ভিন ভিন ধৰ্মীয়, সাংস্কৃতিক অনুষ্ঠানবোৰৰ
বাবেই গাঁৱখন বিভিন্ন লোকাচাৰ আৰু ধৰ্মীয় পৰম্পৰাসমূহৰো মিলনস্থলী।
তথ্য-প্ৰযুক্তিৰ
অভূতপূৰ্ব উন্নতিৰ লগে লগে নতুন নতুন চিকিৎসা পদ্ধতিৰ উদ্ভৱ, যন্ত্ৰৰ সহায়ত অতি
সহজতে তথা সুলভ মূল্যতেই বিভিন্ন সামগ্ৰীৰ নিৰ্মাণ সম্ভৱ হোৱা, সংস্কৃত ভাষাটোক
আওকলীয়া বুলি পাঠ্যক্ৰমৰ ঐচ্ছিক পৰ্য্যায়লৈ ঠেলি পঠিওৱা আদি কাৰণবোৰৰ বাবেই
কৈহাটীৰ আয়ুৰ্বেদ চৰ্চা, মৃৎ শিল্প, সংস্কৃত চৰ্চা আদি বিষয়বোৰে মৃত্যুৰ ক্ষণ
গণিছে। কেইগৰাকীমান মুষ্টিমেয় ব্যক্তিয়ে এতিয়াও বংশানুক্ৰমিকভাৱে চলি অহা এই
বিদ্যাসমূহ জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা চলাইছে যদিও এই ক্ষেত্ৰত নৱপ্ৰজন্মৰ
বেছিভাগৰেই সঁহাৰি সন্তোষজনক নহয়। একেদৰে ঢুলীয়া-ওজাপালি চাবলৈ ৰাইজৰ অনীহা তথা কলাকাৰসকলৰ
আৰ্থিক দৈন্যৰ বাবেই এইসমূহৰ স্থিতিও খুব এটা সন্তোষজনক বুলিব নোৱাৰি। অসমীয়া বৰ্ণমালাৰ এটি মাত্ৰ আখৰ ‘ৱ’ৰ অভাৱতে এদিন ভাষাটো বিলুপ্তিৰ
গৰাহত পৰিবলগীয়া হৈছিল। পুৰণি-আওকলীয়া বুলি এনে ধৰণৰ আটাইবোৰ বিষয় এৰিবলৈ হ’লে
সংস্কৃতি-সভ্যতাৰ বুটাবছা চাদৰখনো জানো লাহে লাহে উৱলি নাযাব? এখন সৰু গাঁৱতেই সত্ৰৰ
ধাৰ্মিক পৰিবেশ, আয়তীসকলৰ নাম-প্ৰসঙ্গৰ পৰা আৰম্ভ কৰি আয়ুৰ্বেদ চিকিৎসা, সেই
তাহানিতেই কৰা নাট্য চৰ্চা, সংস্কৃত চৰ্চা, মৃৎ শিল্প, ঢুলীয়া-ওজাপালি আদিৰ দৰে
ভিন্ন ভিন্ন বিষয়ৰ সমাহাৰ নিশ্চয়কৈ বিৰল। অতীজৰ অতি ভিতৰুৱা, জয়াল বুলি ভবা
গাঁৱখনতেই যদি আহি কোনোৱে টোল, সত্ৰ স্থাপন কৰিবলৈ সমৰ্থ হৈছিল, ব্যক্তিগত
লাভালাভৰ কথা বেছি চিন্তা নকৰি অলপ চেষ্টা কৰিলেই এতিয়াৰ প্ৰজন্মই এই বিষয়সমূহ আনকি
জীয়াই ৰাখিবলৈকো সমৰ্থ নহ’বনে?
তথ্যসূত্ৰ:
কৈহাটী নিম্ন বুনিয়াদী বিদ্যালয়ৰ
শতবাৰ্ষিকী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থখনিৰ নিম্নলিখিত প্ৰৱন্ধকেইটা –
ক) “কৈহাটী : অতীত আৰু বৰ্তমান” –
প্ৰতাপ চন্দ্ৰ গোস্বামী
খ) “সংস্কৃত চৰ্চা আৰু কৈহাটী
সত্ৰ” – সৰ্বেশ্বৰ গোস্বামী
গ) “কৈহাটীত আয়ুৰ্বেদ চৰ্চা : এক
আনুষঙ্গিক বিশ্লেষণ” – ভূপেন্দ্ৰ কুমাৰ গোস্বামী
ঘ) “কৈহাটীৰ ওজাপালি আৰু ইয়াৰ
ইতিবৃত্ত” – নৰেন বৰ্মন
ঙ) মৃৎ শিল্প আৰু কৈহাটী –
লক্ষ্মী বৰ্মন
বি. দ্ৰ: প্ৰৱন্ধটো
যুগুত কৰাৰ সময়ত বিভিন্ন তথ্যৰ যোগান ধৰা ৰূপম গোস্বামী আৰু পাৰ্থপ্ৰতিম
গোস্বামীলৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।
=================
Subscribe to:
Posts (Atom)





